Breaking

মেৰাপানীত সীমান্ত পঞ্চায়তত খৰাঙত শুকাই, জ্বলি যোৱা পথাৰত কৃষকৰ চকুপানী

0 2,028

 মেৰাপানীৰ সীমান্ত গাঁও পঞ্চায়তৰ এক বৃহত্তৰ অঞ্চলৰ কেইবাশতাধিক  কৃষকৰ হাহাকাৰ অৱস্থা। খৰাঙৰ কৱলত পৰি এই অঞ্চলত কেইবাশবিঘা কৃষিভূমিত এটাও ধান উৎপাদন নহ’ল। সঠিক সময়ত পানীৰ অভাৱৰ বাবেই বিঘা বিঘা ধানখেতিৰ পথাৰ শুকাই যোৱাৰ ফলত পথাৰত উৎপাদন নহ’ল ধান। আৰু কিছুদিনৰ পাছতে আঘোনৰ পথাৰত ভিন্ন প্ৰান্তৰ কৃষকে ধান  চপাবলৈ আৰম্ভ কৰিব যদিও সীমান্ত গাঁও পঞ্চায়তৰ নাগপুৰ, জেৰেঙাপথাৰ, নাৰায়ণপুৰ  আদি অঞ্চলৰ কৃষকে খৰাঙৰ কৱলত পৰি শুকাই যোৱা পথাৰত চকুপানী টুকিছে। খং আৰু দুখত গৰু মেলি দিছে ধানৰ পথাৰত। এই অঞ্চলটোৰ অধিকাংশ ৰাইজেই  ধানখেতিৰ ওপৰত নিৰ্ভৰ কৰিয়েই নিজৰ পৰিয়ালটোৰ ভৱিষ্যতৰ ভৰণ- পোষনৰ সকলো দিশ নিৰ্ধাৰণ কৰে যদিও বৰ্তমান খৰাংপৰিস্থিতিত এটাও ধান উৎপাদন নোহোৱাটো খাটাং হৈ পৰিছে।  ফলত অনাগত দিনত কেনেদৰে নিজৰ  পৰিয়ালটোক ভৰণ পোষণ দিব তাকলৈ চিন্তাত নিদ্ৰাহৰণ হৈছে নাগপুৰ, জেৰেঙাপথাৰ আদি অঞ্চলৰ কৃষকৰ। পৰিয়ালৰ স্বাস্থ্য, সন্তানৰ শিক্ষা-দীক্ষাৰ দিশত এক অনিশ্চিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি গভীৰ আশংকাত ভোগিছে কৃষকসকল। এই অঞ্চলৰ কৃষকসকলে অহাবছৰটোত পৰিয়াল পোহপালৰ স্বাৰ্থত হয় বৰ্হিৰাজ্যলৈ গমণ অথবা অন্য বৃত্তিত নিয়োজিত হ’ব লাগিব। গোলাঘাট জিলাখনত এটা বিয়াগোম কৃষিবিভাগ  থকাৰ লগতে ৰাজ‍্যৰ কৃষিমন্ত্ৰী অতুল বৰাৰ গোলাঘাট জিলাৰেই হোৱাৰ পাছটো এই  দুৰ্য‍্যোগৰ সময়তো কৃষক ৰাইজৰ কাষত এবাৰ থিয় হবলৈ আহৰি নথকাত  ক্ষোভ প্ৰকাশ কৰিছে কৃষকসকলে। স্থানীয় বিধায়ক তথা মন্ত্ৰী অজন্তা নেওগেও কৃষকসকলৰ দুৰ্দিনৰ সময়ত খবৰ ল’বলৈ আহৰি নোপোৱা বুলি উল্লেখ কৰি কৃষকসকলে অঞ্চলটোত জৰীপ কৰি খৰাংপীড়িত কৃষক ৰাইজক ক্ষতিপূৰণ দিবলৈ আৰু খেতিপথাৰত জলসিঞ্চন আঁচনিৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।

Leave A Reply