Breaking

ছিপাঝাৰৰ লেঙা- কুৰুৱাত নাও দুৰ্ঘটনা

0 1,094

ছিপাঝাৰৰ লেঙা- কুৰুৱাত ভয়ংকৰ নাও দুৰ্ঘটনা। নাও খনত আছিল তিনিজনকৈ লোক। কোনোমতে প্ৰাণ ৰক্ষা কৰে নাঁওখনত থকা দুজন লোকে আৰু এজন লোকক ব্ৰহ্মপুত্ৰৰ প্ৰবল সোতে উটুৱাই নিয়ে। ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতত উটি যোৱা লোকজনৰ নাম তফিক আলি বুলি জানিব পৰা গৈছে। শনিবাৰে সন্ধিয়া ৭.৩০ বজাত নাওখন দুৰ্ঘটনাত পতিত হয় বুলি জানিব পৰা গৈছে। টফিক আলি নামৰ লোকজন এতিয়াও নিৰুদেশ হৈ আছে। SDRF আৰু NDRF বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই টফিক আলীৰ মৃতদেহ।

নিখুজ হৈ থকা টফিক আলি লোকজনৰ ঘৰ বাহগড়া খানাপাৰৰ বুলি জানিব পৰা গৈছে। চৰ চাপৰিত মহ বান্ধি ঘৰলৈ উভতি অহাৰ সময়ত সংঘটিত হয় এই নাও দুৰ্ঘটনা। আজি ৰাতিপুৱা তফিক আলীৰ ঘৰৰ পৰিবেশ এয়া। ঘৰখনত এতিয়া মাথোঁ কান্দোনৰ ৰোল এক শোকাকুল পৰিবেশ।

Leave A Reply