Breaking

মুকালমুৱাৰ খালিহাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা; সংকটজনক অৱস্থাত তিনিজনক GMCH লৈ প্ৰেৰণ

0 48

মুকালমুৱাৰ খালিহাপাৰাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

দুখন দুচকীয়া বাহনৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো।

দুৰ্ঘটনাত দুয়োখন বাইকৰে তিনিজন আৰোহী গুৰুতৰভাৱে আহত হয়।

আহত লোক কেইজনৰ নাম লাচিত কৈবৰ্ত(২৪), ৰবি কৈবৰ্ত(২৪) আৰু জামাত উদ্দিন আহমেদ(৫২)।

স্থানীয়লোকে আহত লোক কেইজনক মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও সংকটজনক অৱস্থাত আটাইকেইজনক GMCH লৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনাত পতিত দুচকীয়া বাহন দুখনৰ নম্বৰ AS-14-Q-1897 আৰু AS 14-M-6840 ৷

Leave A Reply