Breaking

ভেৰগাঁ‌ও বগপুৰি বটাবাৰিত ভয়াবহ পথ দুৰ্ঘটনা

0 2,062

“ওদালগুৰি জিলা টংলা থানা অন্তৰ্গত টংলা চহৰৰ পৰা ভেৰগাঁ‌ও চহৰলৈ অহাঁ‌ ঘাইপথৰ বগপুৰি বটাবাৰিত বৃহস্পতিবাৰ যোৱা নিশা সংঘতিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা, ফলত থিতাতে নিহত হয় খৈৰাবাৰী গুৰিহাটী গাঁ‌ৱৰ  ৰত্নেশ্বৰ বড়ো (৩৮) NDRFৰ জোৱান।”প্ৰাপ্ত খৱৰ অনুসৰি ওদালগুৰি জিলা খৈৰাবাৰী থানাৰ অন্তৰ্গত খৈৰাবাৰী গুৰিহাটী গাঁ‌ৱৰ প্ৰয়াত মনিৰাম বড়োৰ কনিষ্ঠ পুত্ৰ NDRFৰ জোৱান ৰত্নেশ্বৰ বড়োয়ে যোৱা নিশা প্ৰায় সাত বজাত  AS01E M4758  বাজাচ  পালচাৰ ১৫০ মটৰ চাইকেলৰে ঘৰৰ পৰা টংলা এটিএমলৈ বুলি ওলাই আহিছিল। কিন্তু দুৰ্ভাগ্যক্ৰমেটংলা এটিএমৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত টংলা খৈৰাবাৰী ঘাইপথৰ  বগপুৰি বটাবাৰিত আনুমানিক নিশা ৮ ৰপ পৰা ৯ বজাত বাইক আৰোহী জনে তীব্ৰ বেগত আহি নিয়ন্ত্ৰণ হেৰুৱাই গছত খোণ্ডামাৰী দুৰ্ঘটনাতগ্ৰস্ত হয় ঝাহনিত পৰি NDRF ৰ জোৱান ৰত্নেশ্বৰ বড়ো (৩৮)ৰ মৃত্যু হোৱা বুলি জানিব পৰা যায়।আজি পুৱা ৭ বজাত মৃতদেহটো স্থানীয়লোকে প্ৰতক্ষ কৰি আৰক্ষীক খবৰ দিয়াত এতিমধ্যে ঘটনাস্থলীত পৰিয়ালৰ লোক আৰু  আৰক্ষী  আহি উপস্থিত হৈ মৃত বাইক আৰোহী গৰাকী মৰনোত্তৰ পৰিক্ষালৈ প্ৰেৰণ কৰে।

Leave A Reply