Breaking

আজি বিশ্বব্যাপী পিতৃসকলৰ সন্মানৰ বাবে উদযাপিত কৰা হয় পিতৃ দিৱস….

0 183

পিতৃ দিৱস বা ফাদাৰছ্ ডে বিশ্বব্যাপী পিতৃসকলৰ সন্মানৰ বাবে উদযাপিত কৰা দিৱস। পৃথিৱীৰ বিভিন্ন দেশত বেলেগ বেলেগ দিনত এই দিৱস উদযাপন কৰা হয়।

কিন্তু এই পিতৃ দিৱসে এজন পিতৃৰ প্ৰতি থকা  সন্তানৰ মৰম প্ৰকাশ কৰিবলৈ এক সুযোগ প্ৰদান কৰে ।প্ৰত্যেক জন ব্যক্তিৰ জীৱনৰ আৰম্ভণিৰে পৰা পিতৃয়ে এক নেপথ্য ভূমিকা পালন কৰে। সন্তানৰ অসুখত যিদৰে এগৰাকী মাতৃয়ে উৰে ৰাতি সাৰে থাকি চকুলো তুকে সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত এগৰাকী পিতৃয়েও বহু নিদ্ৰাহীন নিশা কটাই। মাতৃৰ  মৰম আৰু স্নেহ পোহৰৰ দৰে স্পষ্ট কিন্ত পিতৃ মৰম আকাশৰ দৰে গভীৰ আৰু বিশাল য’ত লীন হৈ থাকে বহু অকথ্য আশা,আকাংক্ষা,হেঁপাহ,আশা,প্ৰত্যাশা অথচ মৌন হৈ থাকে তেঁও!

জীৱনৰ আটাইতকৈ কঠিন পৰিস্থিতিবোৰতো ভাঙি পৰিব নিদি সদায় যুজিবলৈ সাহস দিয়া মানুহজন পিতৃ । উইলিয়াম জেকচন স্মাৰ্ট আৰু এলেন ভিক্টোৰিয়া চিক স্মাৰ্টৰ কন্যা আমেৰিকাৰ বাসিন্দা ছ’নোৰা স্মাৰ্ট ডডে ১৬ বছৰ বয়সত মাতৃক হেৰুৱাইছিল।ডডৰ মাত্ৰ ১৬ বছৰ আছিল যেতিয়া তেওঁৰ মাতৃৰ ৪৭ বছৰ বয়সত মৃত্যু হৈছিল, তেওঁৰ ষষ্ঠ সন্তানৰ জন্মৰ সময়ত।

 স্পকেন মিনিষ্ট্ৰিয়েল এলায়েন্সৰ সৈতে যোগাযোগ কৰি তেওঁলোকৰ পিতৃৰ জন্মদিন ৫ জুনক পিতৃ দিৱস হিচাপে স্বীকৃতি দিবলৈ অনুৰোধ জনায়। পিতৃসকলৰ বাবে এটা বিশেষ দিন উচৰ্গা কৰাৰ ধাৰণাটো মিত্ৰজোঁটে মানি লৈছিল যদিও পিতৃ দিৱস উদযাপনৰ বাবে জুন মাহৰ তৃতীয় দেওবাৰটো বাছি লৈছিল।

Leave A Reply