Breaking

ফিডিঙ ইণ্ডিয়াৰ প্ৰশংসনীয় পদক্ষেপ, বানাক্ৰান্তক খাদ্য সামগ্ৰীৰ লগতে চেনটেৰী নেপকিন মাক্স বিতৰণ

0 59

দৈনন্দিন বাৰ্তা সেৱা, নগাওঁঃ নগাওঁ জিলাৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে ফিডিঙ ইণ্ডিয়া নামৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বেচৰকাৰী সংস্থাৰ সহযোগত সমাজৰ দৰিদ্র লোকৰ মাজত খাদ্য আৰু খাদ্য সামগ্রী বিতৰণ কৰি আহিছে৷ ফিডিঙ ইণ্ডিয়াৰ নগাওঁ জিলা শাখাই কালি বটদ্ৰৱা সমষ্টিৰ বৰভেটিত প্ৰায় ডেৰশতাধিক বানাক্ৰান্ত লোকৰ মাজত খাদ্য সামগ্রীৰ লগতে নেপকিন আৰু মাস্ক বিতৰণ কৰে৷

কালি বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ অনুষ্ঠানত ফিডিঙ ইণ্ডিয়াৰ নগাঁও জিলা শাখাৰ প্ৰিয়াংশী প্ৰিয়া বৰা, মহৰ্ষি বিশাল, বিদিশা শ‌ইকীয়া, জুবেৰ ইছলাম, চাদিক হুছেইন, জোনাব আহমেদ, দিপীকা আদি উপস্থিত থাকে। বিগত চাৰি মাহ ধৰি সংস্থাটোৱে বিয়া সবাহত ৰাহি হোৱা খাদ্য সংগ্ৰহ কৰি দৰিদ্ৰ অঘৰী লোকৰ মাজত বিতৰণ কৰি আহিছে। নগাওঁৰ এই সকল মানৱ দৰদী ছাত্ৰ ছাত্ৰীৰ এনে মহানুভৱতাক ৰাইজে ভূয়সী প্ৰশংসা কৰে৷

Leave A Reply