Breaking

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিহালী আঞ্চলিকৰ জড়িয়তে সম্বৰ্ধনা অনুষ্ঠান।

0 2,059

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৩৭ সংখ্যক বিশ্বনাথ জিলা শাখাৰ বাৰ্ষিক অধিৱেশন ভাগ বিশ্বনাথ জিলাৰ ঐতিহ্যমণ্ডিত গাংমৌ থানৰ প্ৰাথমিক শাখাৰ নামঘৰত অনুষ্ঠিত কৰা হয় ।এই সভাতে কেইবাগৰাকী ভকত বাপলৈ সম্বৰ্ধনা জনোৱা হৈছিল।কিন্তু, বিহালী ৰৌমাৰীৰ মুক্তি যুদ্ধা তথা অৱসৰ প্ৰাপ্ত চৰকাৰী গাঁ‌ৱবুঢ়া শ্ৰীযুত গংগাৰাম বৰুৱাই শাৰিৰীক অসুস্থতাৰ বাবে সম্বৰ্ধনা ভাগ গ্ৰহণ কৰিব নোৱাৰিলে ।আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিহালীৰ আঞ্চলিক শাখাৰ সভাপতি কিৰণ কাকতী “সম্পাদক গণেশ বৰা ‘বিশ্বনাথ জিলা শাখাৰ সদস্য জয়ন্ত বৰা সাংস্কৃতিক সম্পাদক প্ৰবন বৰা আৰু দোল বৰা তেখেতৰ বাসগৃহত উপস্থিত হৈ এই সম্বৰ্ধনা ভাগ অৰ্পন কৰাৰ লগতে তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছে।

Leave A Reply