Breaking

পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান…

0 28

পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শুক্ৰবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। বিদ্যালয় খনৰ পৰা এইবৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ৮৮ গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত ২ গৰাকী ছাত্ৰই ডিষ্টিংচন, ৭ গৰাকী ছাত্ৰ – ছাত্ৰীয়ে ষ্টাৰ আৰু সৰ্বমুঠ ৫২ গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ বিদ্যালয়ৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। আজি বিদ্যালয়ৰ প্ৰাত:সভাত অধ্যক্ষা জিনা ভূঞাৰ লগতে সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতিত ৮৯% নম্বৰৰে ডিষ্টিংচন লাভ কৰা দয়ানন্দ পেগু, ৮৭% নম্বৰৰে ডিষ্টিংচন লাভ কৰা বিষ্ণুজ্যোতি দাস, ষ্টাৰ নম্বৰ লাভ কৰা ক্ৰমে দুতিকৃষ্ণ বৰা, ৰাহুল শইকীয়া, দৰ্শনা বৰা, মনোৰঞ্জন হাজৰিকা, বিপ্লৱ ভৰালী, লিকা দত্ত, ব্ৰজেন দাস আৰু প্ৰথম বিভাগ পোৱা প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰী সহ মুঠ ৫২ গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।

বিজ্ঞান শিক্ষাৰ প্ৰসাৰতা বৃদ্ধি আৰু ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে অনুষ্ঠানটোত বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ভৃগু প্ৰসাদ শৰ্মাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবেলি সাধাৰণ বিজ্ঞানত লেটাৰ নম্বৰ লাভ কৰা ১৯ গৰাকী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক প্ৰশংসা প্ৰত্ৰ সহ এটি কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনাই আৰু ছাত্ৰ ছাত্ৰীৰ সফলতাই সকলোৰে মনত খোদিত কৰা প্ৰশান্তিৰ অনুভৱৰে অনুষ্ঠানটোৰ আঁত ধৰে।

Leave A Reply