Breaking

হাতীধূৰা ব্লক কংগ্ৰেছ কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰাৰ্থী জুৱেল টুডুক সম্বৰ্ধনা

0 2,050

সুদীৰ্ঘ ৪৫ বছৰ কংগ্ৰেছৰ দখলত থকা ২৮ নং গোসাইগাঁও বিধান সভা সমষ্টি পুনৰ উদ্ধাৰ এইবাৰ হবই ৷বিগত নিৰ্বাচনত মহাজোঁটৰ প্ৰাৰ্থী গোসাইগাঁও সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হৈছিল ৷সেই অনুপাতে গোসাইগাঁও সমষ্টিৰ উপ নিৰ্বাচনত কংগ্ৰেছ দলৰে জয় হব ৷এইদৰে কয় ২৮ নং গোসাইগাঁও বিধান সভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জুৱেল টুডুৰ ৷ আজি সমষ্টিৰটোৰ শ্ৰীৰামপুৰস্হিত হাতীধূৰা ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত কংগ্ৰেছ দলৰ প্ৰাৰ্থী টুডুক ব্লক কংগ্ৰেছ ,জিলা কংগ্ৰেছ ,মণ্ডল কংগ্ৰেছে বিপুলভাৱে সম্বৰ্ধনা জনায় ৷সম্বৰ্ধনা জনোৱাৰ অন্তত এক  সংবাদমেলৰ জৰিয়তে কংগ্ৰেছৰ প্ৰাৰ্থী জুৱেল টুডুয়ে   কয় যে বি পি এফ দলৰ পৰা ১৫ টা বছৰে গোসাইগাঁও সমষ্টি দখলত ৰাখিবলৈ সক্ষম হৈছিল যদিও সমষ্টিৰ উন্নয়ন কৰিবলৈ সক্ষম নহল ৷ইউ পি পি এল দলে  মোক বাহিৰৰ সমষ্টিৰ মানুহ বুলি যি অভিযোগ কৰিছে  সেয়া ভিওিহীন ৷কাৰণ মই গোসাইগাঁও সমষ্টিত ২০ বছৰ ধৰি আছো আৰু ইয়াত মোৰ  বাসগৃহ আছে ৷কংগ্ৰেছৰ  প্ৰাৰ্থী জুৱেল টুডুয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে প্ৰদেশ কংগ্ৰেছ কমিটিক ধন্যবাদ জ্ঞাপন কৰে আৰু কোকৰাঝাৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি মমিনুৰ ইছলামৰ লগতে সম্পাদকক ধন্যবাদ জ্ঞাপন কৰে ৷সভাৰ অন্তত পেট্ৰল,ডিজেল আদি কৰি বিভিন্ন সা-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ওপৰত বিজেপি দলক সংবাদ মাধ্যমৰ আগত ক্ষুৰধাৰ সমালোচনা কৰে কোকৰাঝাৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি মমিনুৰ ইছলামে।

Leave A Reply