Breaking

ইটাখোলাত ক’ভিড মহামাৰীৰ প্ৰথম শ্ৰেণীৰ যুজাৰুক সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ সম্বৰ্দ্ধনা

0 1,528

বিশ্বনাথ জিলাৰ ইটাখোলাত ক’ভিড মহামাৰীৰ প্ৰথম শ্ৰেণীৰ যুজাৰু সকলক সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু নদুৱাৰ আঞ্চলিক সমিতিৰ সহযোগত আজি সম্বৰ্দ্ধনা জ্ঞাপন কৰে । ইটাখোলা ব্যৱসায় কেন্দ্ৰৰ মাজ মজিয়াত অৱস্থিত স্বৰ্গীয় শিল্পী অপৰজিতা ভৱন প্ৰাংগণত আয়োজিত সম্বৰ্দ্ধনা অনুষ্ঠানটিত নদুৱাৰ অঞ্চলৰ জেষ্ঠ সাংবাদিক শিবু মজুমদাৰ,দূৰ্গা পৌড়েলৰ লগতে কনিষ্ঠ সাংবাদিক অবিনাশ ৰাজৱাৰ,তপন ডেকা,সৌৰৱ জ্যোতি নাথ,উৎপল নাথ,চন্দন শৰ্মা,প্ৰাঞ্জল বৰুৱা আৰু প্ৰেম তেৱাৰীৰ উপৰিও ইটাখোলা নতুন প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক ৰঞ্জিত কুমাৰ ৰায়ৰ লগতে উপস্থিত স্বাস্থ্য কৰ্মী সকলক এখনকৈ ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনায়। ইয়াৰ উপৰিও ছাত্ৰ সংগঠনটিয়ে ইটাখোলা আৰক্ষী চকীত উপস্থিত হৈ কৰ্মৰত আৰক্ষী বিষয়াও জোৱান সকলক সম্বৰ্দ্ধনা জনায়।সম্বৰ্দ্ধনা অনুষ্ঠানৰ উদ্যোক্তা সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ বিশ্বনাত জিলা সমিতিৰ উপ-সভাপতি পাপ্লু হুচেইনে নিজ ভাষনত ক’ভিড মহামাৰীৰ বিৰুদ্ধে নিজৰ প্ৰাণকো তুচ্ছ জ্ঞান কৰি নদুৱাৰ অঞ্চলৰ স্বাস্থ কৰ্মী,সাংবাদিক,আৰক্ষীৰ লগতে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। সভাত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ বিশ্বনাথ জিলা সমিতিৰ প্ৰচাৰ সম্পাদক উজিৰ চাহ,জিলা সদস্য পংকজ দে,দানিছ আনচাৰী,নদুৱাৰ আঞ্চলিক সমিতিৰ ভাৰ প্ৰাপ্ত সভাপতি হিৰণ্য তচা,ভাৰ প্ৰাপ্ত সম্পাদক ছাহিল আনচাৰী,উপ-সভাপতি দীপক মুণ্ডাকে ধৰি যুৱ ছাত্ৰ পৰিষদটোৰ  কেইজনো সদস্য উপস্থিত থাকে।

Leave A Reply