Breaking

হাওৰাঘাটৰ ব্যাপক দুৰ্নীতি উদঙাই দিয়া সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰীক সম্বৰ্ধনা

0 1,224

কাৰ্বি আংলং জিলাৰ ১০ নং হাওৰাঘাট পৰিষদীয় সমষ্টিত বিগত সময়চোৱাত গ্ৰাম্য সখী চাকৰি নিযুক্তিকে আদি কৰি বিভিন্ন বিভাগত সংঘটিত হোৱা ব্যাপক দুৰ্নীতি সংবাদ মাধ্যমৰ যোগেদি হাওৰাঘাটৰ সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰীয়ে উদঙাই দিয়া বাবেই সন্তোষ্টি প্ৰকাশ কৰি আজি বিজেপিৰ হাওৰাঘাট মণ্ডল কমিটীৰ সদস্য আৰু বি এল চি  চি’ৰ সদস্যসকলে এখন সভাৰ যোগেদি ফুলাম গামোচা আৰু কাৰ্বি পহ’ৰে সম্বৰ্ধনা জনোৱা হয় ।  উল্লেখ্য যে এই দুৰ্নীতি সন্দৰ্ভত বিজেপিৰ অসম এছ টি মৰ্চাৰ ডিমা হাছাওৰ প্ৰভাৰী মথুৰা ফংলোচাই কয় বিগত সময়ত এক মাহ সোতৰ দিন ধৰি দুৰ্নীতিৰ বিৰুদ্ধে ঘৰে ঘৰে গৈ অভিযান চলোৱাৰ পিছত আৰু হিতাধিকাৰীৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি গ্ৰস্ত বি এল চি চি’ৰ অধ্যক্ষ আৰু ভি ডি চি’ৰ অধ্যক্ষক মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙে পদৰ পৰা বৰ্খাস্ত কৰে । বি এল চি চি’ৰ নতুন অধ্যক্ষ মুকুল নাথ আৰু ভি ডি চি’ৰ নতুন অধ্যক্ষ বিলিচন ইংতিয়ে আজি হাওৰাঘাট উন্নয়ন খণ্ডৰ কাৰ্য্যালয়লৈ গৈ খণ্ড উন্নয়ন বিষয়াৰ ওচৰত কামত যোগদান কৰে । স্মৰ্তব্য যে  এই ক্ষেত্ৰত বিজেপিৰ হাওৰাঘাট মণ্ডলৰ ষ্ট্ৰিং অপাৰেশ্যন টিম আৰু সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰীয়ে সহযোগ কৰি বিজেপি দলতে বিজেপিৰ বিষয়া কৰ্মচাৰীয়ে দুৰ্নীতিত জড়িত থকা সকলৰ বিৰুদ্ধে সক্ৰিয় ভূমিকাৰে সাংবাদিকতা কৰ্ম কৰি যোৱা বাবেই আজি বিজেপিৰ হাওৰাঘাট মণ্ডলে সাংবাদিকগৰাকীক সন্মান জনায় ।

Leave A Reply