Breaking

মৈৰাবাৰী ব্লক কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি ফাইজুৰ ৰহমানক সম্ভৰ্ধনা মৈৰাবাৰী ব্লক কংগ্ৰেছ কাৰ্যালয়ত

0 1,085

মৰিগাঁও জিলাৰ ধিং সমষ্টিৰ মৈৰাবাৰী ব্লক কংগ্ৰেছ কাৰ্যালয়ত আজি এক সম্ভৰ্ধনা সভা অনুষ্ঠিত হয় আৰু নতুন সভাপতিয়ে দায়িত্ব ভাৰ গ্ৰহণ কৰে। বিগত তিনিটা কাৰ্যকাল ধৰি AIUDF ৰ দখলত থকা সমষ্টি খনৰ মৈৰাবাৰী ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত আজি নতুন সভাপতি হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰে ফাইজুৰ ৰহমানে। ফাইজুৰ ৰহমানে দায়িত্ব ভাৰ গ্ৰহণ কৰি আগন্তুক দিনত কংগ্ৰেছক কিদৰে আগুৱাই লৈ যাব তাৰ উপৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বুলি কংগ্ৰেছ কৰ্মি সকলৰ লগত মত বিনিময় কৰে।

আজিৰ সভাত উপস্থিত থাকেনগাঁও জিলাৰ কংগ্ৰেছৰ মুখপাত্ৰ জহিৰুল ইছলাম মুক্তাৰ, প্ৰাক্তন মৈৰাবাৰী ব্লক কংগ্ৰেছৰ সভাপতি আবু বক্কৰ ছিদ্দিক, দলৈগাও জিলা পৰিষদৰ সদস্য ছামিম হাছান,অৰুণ নাথ প্ৰাক্তন সাধাৰণ সম্পাদক মৈৰাবাৰী ব্লক কংগ্ৰেছ, নগাঁও জিলাৰ যুৱ কংগ্ৰেছৰ উপ সভাপতি আশ্বিক মীৰ আদিকে ধৰি মৈৰাবাৰী মৌজাৰ অন্তৰ্গত ১৯টা গাঁও পঞ্চায়তৰ মণ্ডল কংগ্ৰেছৰ সভাপতি সম্পাদক সকলৰ লগতে বিভিন্ন পৰ্য্যায়ৰ কৰ্মী সকল উপস্থিত থাকে।

Leave A Reply