Breaking

ফিফাৰ সভাপতি জিয়ানি ইনফান্টিনোৱে প্ৰতিখন দেশতে পেলেৰ নামেৰে ষ্টেডিয়াম নামাকৰণৰ আহ্বান…

0 45

ফুটবল বিশ্বৰ মুকুটবিহীন সম্ৰাট ব্ৰাজিলিয়ান কিংবদন্তী পেলেই যোৱা বৰ্ষৰ ২৯ ডিচেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে। পেলেৰ মৃত্যুৰ খবৰে শোকহত কৰি তোলে সমগ্ৰ বিশ্বক। এই মহাতাৰকা গৰাকীক অনাদি কাললৈ জীয়াই ৰখাৰ মানসেৰে তথা তেওঁৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ বাবে ফিফাৰ সভাপতি জিয়ানি ইনফান্টিনোৱে এক প্ৰস্তাৱ আগবঢ়াইছে।

ফুটবল প্ৰেমীৰ মনত পেলেৰ স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যে প্ৰতিখন সদস্য দেশক অন্ততঃ এখন ষ্টেডিয়াম ফুটবলৰ মুকুটবিহীন সম্ৰাট পেলেৰ নামেৰে নামাকৰণ কৰিবলৈ অনুৰোধ কৰা হ’ব বুলি ঘোষণা কৰিছে ফিফাৰ সভাপতিগৰাকীয়ে। সোমবাৰে ছান্টোছ এফ চিৰ গৃহ খেলপথাৰ ভিলা বেলমিৰো ষ্টেডিয়ামত পেলেক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ তাৰকাগৰাকীৰ অসংখ্য গুণমুগ্ধ উপস্থিত হয়। এই অনুষ্ঠানত ফিফাৰ সভাপতি জিয়ানি ইনফান্টিনোও উপস্থিত আছিল।

এই অনুষ্ঠানতে তেওঁ কয়, “আমি সকলো সদস্য দেশক তেওঁলোকৰ দেশত অন্ততঃ এখন ফুটবল ষ্টেডিয়ামৰ নাম পেলেৰ নামেৰে নামাকৰণ কৰিবলৈ অনুৰোধ কৰিম।”

দশক দশক পিছত যেতিয়া এখন মেচত এটা গ’ল দিয়া হ’ব, তেতিয়া কোনো কিশোৰে হয়তো তেওঁৰ দেউতাকক সুধিব, পেলে কোন আছিল? এইদৰেই পেলেক মানুহে মনত ৰাখিব। ভৱিষ্যত প্ৰজন্মই পেলেৰ বিষয়ে জানিব, তেওঁৰ গুৰুত্বৰ বিষয়ে জানিব।”- ইনফান্টিনোৱে লগতে কয়।

ছান্টোছৰ ষ্টেডিয়ামত থিয় হৈ পেলেক শ্ৰদ্ধাঞ্জলি জনাই আৱেগিক হৈ পৰে ফিফাৰ সভাপতিগৰাকী। তেওঁ কয়, “সমগ্ৰ বিশ্বই জানে পেলে কোন আৰু পেলেই ফুটবলৰ বাবে কি কৰিছে। পেলেক দেখি বহুতে ফুটবলৰ প্ৰেমত পৰিল। পেলে চিৰন্তন।”

“পেলে ফুটবল জগতত সৰ্বসময়ৰ সম্ৰাট। তেওঁৰ মৃত্যু আমাৰ বাবে অতি দুখজনক খবৰ। কিন্তু পেলেৰ খেলৰ কথা ভাবিলে আমাৰ মুখত এতিয়াও হাঁহি ওলায়।”- তেওঁ লগতে কয়।

Leave A Reply