Breaking

টীয়কৰ এখন খেতিৰ পথাৰৰ পৰা ৰাজ্যৰ বণ্যাৰ্তলৈ একাৱন্ন হাজাৰ (৫১,০০০) টকা

0 2,070

ভোট জলকীয়া বিক্ৰী কৰি পোৱা লাভ্যাংশৰে মুখ্যমন্ত্ৰী সাহায্য পুুঁজিলৈ টীয়কৰ ভাস্কৰৰএই অনুদান।ৰাজ্যত প্ৰলয়ংকৰী বানৰ কালৰূপ, কেওফালে দিশহাৰ জনতা তাৰ মাজতে উজনি অসমৰ বিশেষকৈ টীয়কৰ পৰা আহিছে এটা অতি ভাল লগা খবৰ। এজন যুৱ শিক্ষিত কৃষক নাম ভাস্কৰ হাজৰিকা ৷ ৰাজ্যত ভয়াৱহ বনৰ সেই হৃদয় বিদাৰক ছবিয়ে কন্দুৱাইচে এই কৃষক জনক যাৰ বাবেই কৃষিৰ পথাৰৰ কষ্টোপাৰ্জিত ধনৰে ৫১,০০০ হাজাৰ টকা আগবঢ়াইছে মূখ্যমন্ত্ৰীৰ সাহৰ্য্য পুঁজিলৈ ৷ সততে অসমৰ কৃষিৰ পথাৰৰ পৰা এনে সমূহ ছবি কম দেখিবলৈ পোৱা যায় ৷ টীয়কৰ কলিয়াপানীস্থিত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ চৌহদত গঢ়ি তুলা এইখন কৃষি পামতএই জন যুৱ কৃষকে চলিত বৰ্ষতে কেৱল ভোটজলকীয়া বিক্ৰী কৰি উপাৰ্জিছে প্ৰায় ১৫ লাখ কৈ টকা ৷

যি সময়ত ৰাজ্যত যুৱচাম কৰ্মসংস্থাপিনতাৰ বাবে হাবাথুৰি খাইছে ৷ কাম বিচাৰি বহিঃ ৰাজ্যলৈ গতি কৰিছে সেই সময়ত ভূতজলকীয়া ,নেমুটেঙাৰ খেতি কৰি নিজৰ লগতে আন পোন্ধৰটাকৈ পৰিয়ালক স্বাৱলম্বী কৰা ভাস্কৰ হাজৰিকা আজি উঠি অহা চামৰ বাবে হৈ ৰৈছে এক আদৰ্শ। ৷

Leave A Reply