Breaking

প্ৰতিৰোধমূলক সামগ্ৰীৰ অবিহনে ক’ৰোনাৰ বিৰুদ্ধে যুঁজ নাজিৰাৰ আশাকৰ্মীৰ : স্বাস্থ্য মন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ দাবী

0 42

নাজিৰা

ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে অবিৰতভাৱে যুঁজ দি অহা অসমৰ স্বাস্থ্য কৰ্মী তথা চিকিৎসক, নাৰ্চকে ধৰি আশা কৰ্মীসকলৰ বাবে সকলোধৰণৰ প্ৰতিৰোধমূলক সামগ্ৰী পৰ্যাপ্ত পৰিমাণে যোগান ধৰা বুলি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষই বৃহৎ বৃহৎ বিজ্ঞাপনেৰে বহুলভাৱে প্ৰচাৰ চলাই আহিছে যদিও বাস্তৱ ক্ষেত্ৰত তেনে হোৱা নাই৷ ৰাজ্যত নিয়োজিত প্ৰায় ২৮ হাজাৰ স্বাস্থ্য আৰু আশাখীৰৰ্মীয়ে নিজৰ জীৱক তুচ্ছ কৰি যাৱতীয় প্ৰতিৰোধমূলক সামগ্ৰীৰ অবিহনেই ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দি অহাৰ বাতৰিয়ে নিতৌ সংবাদ মাধ্যমত শীৰ্ষ স্থান দখল কৰি অহাটোয়েই জলন্ত প্ৰমাণ৷ কেৱল ডিছপ’জেবল মাস্ক ব্যৱহাৰ কৰিয়েই ঘৰে ঘৰে স্বাস্থ্য পৰীক্ষাৰ দায়িত্ব ন্যস্ত কৰা আশাকৰ্মীৰ বাবে আৱণ্টন হোৱা বিভিন্ন কিট আৰু উন্নত মাস্ক অন্তৰ্ধান হৈছে সেয়া সহজেই অনুমেয়। চাহ বাগিচা, নগৰ আৰু গ্ৰাম্যাঞ্চলসমূহত নিয়োজিত আশাকৰ্মীসকলে সন্মুখীন হোৱা সমস্যাৰ ক্ষেত্ৰত এষাৰ মাতিবলৈ লগত নাথাকে চিকিৎসা কৰ্মী। এম পি ডব্লিউৰ কৰ্মচাৰীসকলৰ সম্বল হিচাপে লৈ ক’ৰোনাৰ বিৰুদ্ধে যুঁজ চলাই অহা আশাকৰ্মীৰ ওপৰত একাংশ নাৰ্চে দায়িত্ব অৰ্পণ কৰি নিজৰ ঘৰত সোমাই থকাৰ তথ্য পোহৰলৈ আহিছে। চৰকাৰে ঘৰে ঘৰে গৈ স্বাস্থ্য পৰীক্ষাৰ নিমিত্তে গঠন কৰি দিয়া ছজনীয়া দলটোত থকা স্বাস্থ্য কৰ্মীৰ মাজতে নিয়মীয়াভাৱে নিজৰ দায়িত্ব পালন কৰিছে এম পি ডব্লিউ আৰু আশাকৰ্মীসকলে। কিন্তু দায়িত্বত থাকিও একাংশ নাৰ্চে নিজৰ এলেকাত উদ্ভৱ হোৱা সমস্যা পৰিদৰ্শন নকৰি কেৱল আশাকৰ্মীৰ ওপৰত দায়িত্ব ন্যস্ত কৰিছে৷ এই আশাকৰ্মীগৰাকীৰ তথ্যৰ ওপৰত ভিত্তি কৰি উৰ্ধতম কৰ্তৃপক্ষক তথ্য যোগান ধৰি নিজৰ দায়িত্ব পালন কৰা স্বাস্থ্য কৰ্মীসকলৰ ব্যৱহাৰত অতিষ্ঠ হৈ পৰিছে আশাকৰ্মীসকল৷ সমগ্ৰ ৰাজ্যৰ লগতে নাজিৰা মহকুমাত কৰ্মৰত আশাকৰ্মীসকলৰ একাংশই ঘৰে ঘৰে পৰিদৰ্শন কৰিছে যদিও আন একাংশই পদূলিমুখৰ সীমা বেৰাত “ভিজিটৰ” ষ্টিকাৰ লগাইয়েই দায়িত্ব সামৰা পৰিলক্ষিত। ইয়াৰ কাৰণ হ’ল আশাকৰ্মীসকলে চৰকাৰে যোগান ধৰা বিভিন্ন কিট আৰু উন্নত পৰ্যায়ৰ মাস্ক আদি পোৱা নাই। তেনে ক্ষেত্ৰত এই সকল কৰ্মীয়ে জীৱনৰ প্ৰতি লক্ষ্য ৰাখি এনেদৰে নিজৰ কৰ্তব্য পালন কৰিবলৈ বাধ্য হোৱা বুলিও একাংশ আশাকৰ্মীয়ে গুৰুতৰ অভিযোগ তুলিছে৷ এই ক্ষেত্ৰত অসমৰ স্বাস্থ্য মন্ত্ৰীৰ লগতে বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে৷

Leave A Reply