Breaking

ধিঙত এডাল বাঁহৰ বাবেই প্ৰচণ্ড মাৰপিট । পিতৃ-মাতৃসহ আহত কন্যা ।

0 2,054

সমগ্ৰ দেশ এতিয়া কম্পমান মহামাৰী কভিডৰ আতংকত । ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ সাহস নকৰা হৈছে বহুতেই । কিন্তু এনে কিছুমান অঞ্চল আছে কি কভিড, কি ভাইৰাছ । তেওঁলোকৰ বাবে এইবোৰ কেৱল সাধু হে । ভ্ৰক্ষেপ নাই এনেবোৰ বিষয়ক লৈ । তাৰ বিপৰীতে এইসকল লোক ব্যস্ত হয় নিজৰ স্বাৰ্থক লৈহে । থকা-খোৱা, সা-সম্প্ৰতিক লৈ ব্যস্ত এইসকল লোক ।

আপুনি বিশ্বাস কৰিবলৈ টান পাব যে এডাল সাধাৰণ বাঁহক লৈ প্ৰচণ্ড মাৰপিট দুই ফৈদৰ মাজত । এই মাৰপিটৰ ঘটনাত আহত হ’ল পিতৃ-মাতৃ আৰু জীৱৰী । এই ঘটনা ধিঙৰ উধানতলাৰ । ৰফিকুল ইছলাম নামৰ লোকজনে ঘৰৰ ওচৰতে থকা বাহঁনীত এডাল ভলুকা বাঁহ কাটি থকা অৱস্থাত একেখন গাঁৱৰে চলমান আৰীৰ নেতৃত্বত অহা সাত জনীয়া এটা দলে চোকা অস্ত্ৰৰে বেয়াকে আঘাত কৰাৰ লগতে তেওঁৰ পত্নী আৰু জীয়াৰীকো মাৰপিট কৰি আহত কৰে । ঘটনা সন্দৰ্ভত ৰফিকুল ইছলামে চুলতান আলীসহ সাতজন অপৰাধীৰ ওপৰত ডুমডুমীয়া উপ-আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে কোনো এজন অপৰধীক কৰায়ত্ব নকৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্র অঞ্চলটোত ।

Leave A Reply