Breaking

চলচ্চিত্ৰ পৰিচালক দাৰা আহমেদ আৰু নাই

0 2,069

অসমীয়া ছবিৰ জনপ্ৰিয় পৰিচালক দাৰা আহমেদ আৰু নাই । আজি পুৱা গুৱাহাটীৰ এপ’ল’ হাস্পাতালত তেওঁৰ মৃত্যু হয় । দাৰা আহমেদৰ বায়েক বিশিষ্ট সাহিত্যিক, গীতিকাৰ এলি আহমেদে জনোৱা মতে, কালি দুপৰীয়া ভাত খাই উঠাৰ পিছতেই হঠাৎ বুকুত এক বিষ অনুভৱ কৰাত ততালিকে দাৰা আহমেদক এপ’ল’ত ভৰ্ত্তি কৰোৱা হয় । চিকিৎসকে লগে লগে তেওঁক আই চি ইউত ভৰ্তি কৰে । কিন্তু আজি পুৱা পৰিচালকগৰাকীয়ে চিকিৎসালয়তে শেষ নিঃশ্বাস ত্যাগ কৰে । উল্লেখযোগ্য যে ভালেসংখ্যক জনপ্ৰিয় অসমীয়া ছবি পৰিচালনা কৰিছিল দাৰা আহমেদে । এই ছবিসমূহৰ ভিতৰত আছিল ‘ৰিক্সাৱালা’, ‘যখিনী’, ‘উৰ্বশী’, ‘ধ্ৰুৱতৰা’, ‘দেৱী’ ( শম্ভু গুপ্তৰ সৈতে যুটীয়াভাৱে ), ‘পূজা’ আদি । উল্লেখযোগ্য যে জনপ্ৰিয় অসমীয়া ছবি ‘ড° বেজবৰুৱা’ত সহকাৰী পৰিচালক হিচাপে কাম কৰি পৰিচালনাৰ দিশত তেওঁ আত্মপ্ৰকাশ কৰিছিল । মৃত্যুৰ সময়ত দাৰা আহমেদৰ বয়স হৈছিল ৭২ বছৰ ।

Leave A Reply