Breaking

লাহৰীঘাটৰ ৰজাগাধোৱা গাৱৰ এগৰাকী পেৰালাইচ ৰোগীৰ চিকিৎসাৰ বাবে আৰ্থিক সহায়ৰ আবেদন

0 2,012

মৰিগাঁও জিলাৰ লাহৰীঘাট ৰাজহ চক্ৰৰ অধীনস্থ  ৰজাগাধোৱা গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ চাৰি জনীয়া পৰিয়ালৰ মুৰব্বী গিয়াছ উদ্দিনৰ পেৰালাইচষ্টক আৰু কিডনি ডেমেজ  বেমাৰত  আৰ্থিকৰ অভাৱত চিকিৎসাৰ বাবে শয্যাগত ৷ বিগত প্ৰায় ১ মাহ আগত গুৱাহাটী GNRC  ত আনুমানিক তিনি লাখ ৫০ হাজাৰ টকা খৰচ কৰি অপাৰেশন কৰোৱা হয় যদিও  সম্পূর্ণ চিকিৎসা নোহোৱাত সুস্থ হব পৰা নাই। যাৰ ফলত  বৰ্তমান ঘৰতে শয্যাশায়ী হৈ যন্ত্রণাত ভুগি আছে। পুনৰায় GNRC ত  চিকিৎসাৰ বাবে এসপ্তাহৰ বাবে ভৰ্তি হব লাগে বুলি জনাইছে পৰিয়ালৰ লোকে। বেমাৰত ভুগি থকা গিয়াছ উদ্দিনৰ পত্নী ৰাহিমা খাতুনে জনোৱা মতে বৰ্তমান চিকিৎসাৰ বাবদ আনুমানিক ৬০ হাজাৰ টকাৰ দৰকাৰ। মাত্র ভেটি মাটি থকা আৰু চাৰি জনীয়া সদস্যৰ পৰিয়ালৰ ভৰন পোষণৰ লগতে জীৱিকা অৰ্জনৰ কৰাৰ দায়িত্ব একমাত্র গিয়াছ উদ্দিনেই। যি জন বৰ্তমান শয্যাগত। অনুভব কৰিব পাৰে কেনে অৱস্থাত দিন কটাই।   উল্লেখ্য যে ইতিমধ্যে হৈ যোৱা চিকিৎসাৰ বাবদ  হোৱা মুঠ খৰচত BPL কাৰ্ডৰ জৰিয়তে “অটল অমৃত যোজনাৰ অধীনত ১ লাখ ৭০ হাজাৰ টকাৰ সাহায্য চৰকাৰৰ পৰা লাভ কৰা বুলিও জনাইছে, বাকি টকাখিনি পৰিয়ালৰ লোকে আৰু স্হানীয় ৰাইজে সহায় কৰে বুলিও স্বীকাৰ কৰে। সম্প্রতি পৰিয়ালটি আৰ্থিক দূৰৱস্হাত এফালে খাদ্যৰ অভাব আনফালে চিকিৎসাৰ বাবে টকাৰ অভাৱত চকুত সৰিয়হৰ ফুল দেখিছে। সেয়ে দৰিদ্ৰ পৰিয়ালটিয়ে চৰকাৰ তথা ৰাইজৰ ওচৰত আৰ্থিক সহায়ৰ আবেদন জনাইছে। সহায় কৰিবৰ বাবে Rahima Khatun, A/C no 34673944372, State Bank of India, IFSC Code SBIN0006309, নম্বৰত সাহায্য পঠিয়াবলৈ অনুৰোধ জনাইছে। পোনপটীয়া যোগাযোগ কৰিবলৈ 8812869379 মোবাইল নম্বৰত কল কৰিব পাৰে। আপোনাৰ কিঞ্চিত সহায়েৰে এজন ব্যক্তিৰ নতুন জীবন লাভ আৰু এটা পৰিয়ালৰ সুন্দৰ ভৱিষ্যত নিৰ্ভৰ কৰিব। 

Leave A Reply