Breaking

প্ৰনৱ বৰুৱা কলাক্ষেত্ৰকে ধৰি নগাঁৱৰ তিনি অনুষ্ঠানলৈ আৰ্থিক অনুদান বিধায়ক ৰূপক শৰ্মাৰ

0 1,315

নগাঁও , ১২ অক্টোবৰ : প্ৰথিতযশা তথা বৰেন্য শিল্পী প্ৰয়াত প্ৰনৱ বৰুৱাৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে প্ৰনৱ বৰুৱা কলাক্ষেত্ৰ পৰিচালনা সমিতিয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে । ইতিমধ্যে নগাঁও চহৰৰ আৱৰ্ত ভৱনৰ সন্মুখত, কলং নৈৰ পাৰত প্ৰনৱ বৰুৱা কলাক্ষেত্ৰৰ নিৰ্মানৰ কাম চলি আছে। এই কামৰ আন্তঃ গাথনি উন্নয়নৰ বাবে অসম চৰকাৰৰ আছুতীয়া পুজিৰ পৰা ১০ লাখ টকাৰ অনুদান আগবঢ়ায় নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। এই উপলক্ষে অনুষ্ঠিত এক চমু অনুষ্ঠানত এই সাহাৰ্য বিতৰণ কৰি বিধায়ক ৰূপক শৰ্মাই লৰালি কালতে প্ৰনৱ বৰুৱাৰ সান্নিধ্য লাভ কৰাৰ কথা উল্লেখ কৰি কয়, প্ৰয়াত শিল্পী গৰাকীৰ পৰা শিল্প-কলা সংস্কৃতিৰ বিষয়ে বহু কথা শিকিছিলো। শিল্পী গৰাকীয়ে সদায় নিজকে তৰুণ মনৰ ব্যক্তি হিচাপে পৰিচয় দি ভাল পাইছিল । তেওঁ এজন উচ্চ খাপৰ শিল্পী আছিল। তেওঁৰ স্মৃতি আমি সদায় যুগমীয়া কৰাৰ লগতে যুৱ প্ৰজন্মক তেওঁৰ সৃষ্টি ৰাজি সমুহক পৰিচয় কৰাই দিব লাগিব। প্ৰনৱ বৰুৱা কলাক্ষেত্ৰৰ হৈ শৰৎ খাউণ্ড, গিৰীশ দাস, কৌস্তভ কাশ্যাপ বৰুৱা আদিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইপিনে, সংবাদ মাধ্যমৰ আগত বিধায়ক গৰাকীয়ে কয়, কলং নৈ নগাঁৱৰ হৃদপিণ্ড স্বৰূপ। এই কলঙৰ পাৰতে বহি কবি নৱকান্ত বৰুৱা, মহিম বৰা আদিকে ধৰি বহু সাহিত্যিকে সাহিত্য চৰ্চা কৰিছিল। শিল্পী প্ৰনৱ বৰুৱায়ো শিল্প চৰ্চা কৰিছিল। এই কলংখনক লৈ নগঞাৰ অলেখ সপোন আছে। বিভিন্ন দল- সংগঠন, নাগৰিক সকলে কলং খনক বোৱাই ৰখাৰ বাবে দাবী কৰি আহিছে। আমিও বিধান সভাত এই সম্পৰ্কে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি আহিছোঁ। ইতিমধ্যে কলং খনক বোৱাই নিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। অহা বছৰ বাৰিষাৰ আগতেই পূৰ্বৰ দৰে কলঙখন বৈ থকা ৰাইজে দেখিবলৈ পাব। তেওঁ লগতে কয়, নগাঁও চহৰৰ ৰন্তকান্ত বৰকাকতি দলঙৰ ওচৰৰ পৰা নগাঁও আইন মহাবিদ্যালয়ৰ দলঙৰ ওচৰলৈকে কলঙৰ পাৰে পাৰে এক ফুট ব্ৰীজ স্থাপনৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইপিনে বিধায়ক শৰ্মাই অসম চৰকাৰৰ আছুতীয়া পুঁজিৰ জৰিয়তে নগাঁও চহৰৰ পূৱ আমোলাপট্টি কালী মন্দিৰ চৌহদত থকা বৈদিক চৰ্চা কেন্দ্ৰলৈ ১০ লাখ টকা , ফৌজদাৰীপট্টিৰ কলামন্দিৰলৈ ১০ টকা আৰু নেহৰু যুৱকেন্দ্ৰলৈ ৮ লাখ টকাৰ অনুদান আগবঢ়ায় । আনহাতে আমোলাপট্টি কালী মন্দিৰ চৌহদত সুনীল শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত অনুদান বিতৰন সভাত বিধায়ক ৰূপক শৰ্মাই বৰ্তমানৰ চৰকাৰখনৰ কাৰ্যকালত নগাঁও চহৰৰ বাট-পথ,নলা-নৰ্দমা নিৰ্মান আদিৰ লগতে ৰূপায়ণ কৰা বিভিন্ন উন্নয়ন মূলক আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰে । পৱিত্র প্ৰাণ শৰ্মাই আঁত ধৰা সভাখনত অঞ্চলটোৰ ভালেসংখ্যক লোক উপস্থিত থাকে ।

Leave A Reply