Breaking

বিশ্বজুৰি হঠাতে ফেচবুক-ইনষ্টাগ্ৰাম ‘লগ আউট’ হােৱাৰ আঁৰৰ মূল কাৰণ জানক…

0 131

বিশ্বজুৰি হঠাতে লগ আউট হৈ গ’ল সকলোৰে ফেচবুক-ইনষ্টাগ্ৰাম! ভাৰততো একেই দৃশ্য

ফেচবুক ব্যৱহাৰকাৰীসকলে মঙলবাৰে নিশা এক আচহুৱা সমস্যা সন্মুখীন হয়। সমগ্ৰ বিশ্বৰ ফেচবুক ব্যৱহাৰকাৰীৰ একাউণ্ট স্বয়ংক্ৰিয়ভাৱে লগ আউট হৈ গ’ল। ফলত সমগ্ৰ বিশ্বৰ গ্ৰাহকসকলে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। অৱশ্যে, কেৱল ফেচবুকতে নহয়, একেটা সমস্যা ইনষ্টাগ্ৰাম, থ্ৰেড আৰু মেচেঞ্জাৰতো হয়।

ভাৰতৰ উপৰি আমেৰিকা, ইউৰোপকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত এই সমস্যাৰ উদ্ভৱ হ’য়। হঠাতে, নিশা প্ৰায় ৮.৩০ বজাত, সকলোৰে ম’বাইলত ফেচবুক নোখোলা হয়। এই সমস্যাটো ছাৰ্ভাৰৰ সমস্যাৰ বাবে হৈছে বুলি চাইবাৰ বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে। ছ’চিয়েল মিডিয়া আৰু ৱেবছাইট ট্ৰেকিং ছাইটসমূহে এই সমস্যাৰ বাবে চাৰ্ভাৰকে দোষ দিছে।।

এই সমস্যাটো ফেচবুকৰ তিনি লাখৰো অধিক একাউণ্টত হৈছে। একেদৰে ইনষ্টাগ্ৰামৰ ২০ হাজাৰৰো অধিক একাউণ্টত একে লগ আউটৰ সমস্যাই হৈছে। অৱশ্যে এই বাতৰি লিখা পৰলৈকে সমস্যাটোৰ বিষয়ে মেটাৰ ফালৰ পৰা কোনো পষ্টীকৰণ দাঙি ধৰা হোৱা নাই। উল্ল্লেখ্য ইয়াৰ পূৰ্বেও ফেচবুক আৰু ইনষ্টাগ্ৰামত নানান ধৰণৰ সমস্যাই দেখা দিছিল। কিন্তু আজিৰ সমস্যাটো পূৰ্বতকৈ কিছু পৃথক বুলি বহুতে মন্তব্য কৰিছে।

Leave A Reply