Breaking

ড° বুলজিৎ বুঢ়াগোহাঁইৰ ‘কেৰিয়াৰ হাতপুথি’ত কি কি তথ্য আছে জানক…

0 22

শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন শিক্ষানুষ্ঠান তথা অনুষ্ঠান-প্রতিষ্ঠানৰ ৰূপালী,সোণালী,হীৰক জয়ন্তী আদি উপলক্ষে প্রকাশিত স্মৃতিগ্রন্থ তথা বাৰ্ষিক মুখপত্র আৰু বিভিন্ন আলোচনী, বাতৰিকাকতবোৰলৈ কেৰিয়াৰ বিষয়ৰ লেখা প্রেৰণ কৰিছো আৰু প্রকাশ হৈছে। এইদৰে লেখা প্রেৰণ কৰাৰ উদ্দেশ্য হ’ল – ৰাজ্যখনৰ গাঁৱে-ভূঞে তথা চহৰে-নগৰে বসবাস কৰা কিছু সংখ্যক শিক্ষাৰ্থী অলপ হ’লেও যাতে কেৰিয়াৰ বিষয়ৰ লেখাবোৰৰ পৰা উপকৃত হয় । ২০০৫ চনৰ পৰা প্রতি শনিবাৰে বিয়লি ৬ বজাৰ পৰা ৯ বজাৰ ভিতৰত ফোন (০৯৪৩৫১৮৮৬৩০) যোগেদি কেৰিয়াৰ সম্পৰ্কে কৰা প্ৰশ্নৰ উত্তৰ দি আহিছো । এশ পঞ্চাশখনতকৈ অধিক কেৰিয়াৰ বিষয়ৰ কৰ্মশালা-আলোচনা চক্রত অংশগ্রহণ কৰি শিক্ষাৰ্থীসকল লগত মুখা-মুখিকৈ কেৰিয়াৰ বিষয়ৰ কথাবোৰ আলোচনা কৰিছো আৰু এশখনতকৈ অধিক কেৰিয়াৰ বিষয়ৰ ৱেবিনাৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিছো। তাৰোপৰি , ইউনিক’ডত ই-আলোচনী , ব্লগ তথা ছোচিয়েল নেটৱৰ্কিং ছাইটতো কেৰিয়াৰ সম্পৰ্কীয় লেখা নিয়মীয়াকৈ প্রকাশ হৈ আহিছে । বিভিন্ন আলোচনী তথা বাতৰি কাকতত প্রকাশ হোৱা কেৰিয়াৰ সম্পৰ্কীয় লেখাৰ সংকলন হ’ল- ‘কেৰিয়াৰ হাতপুথি’ । হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কোনটো শাখাত কি কি বিষয় অন্তৰ্ভূক্ত হৈ আছে তথা সেইবোৰ বিষয় অধ্যয়ন কৰিলে ভৱিষ্যতে কেনেধৰণৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব , সেই সম্পৰ্কে শিক্ষার্থীসকলে এক সম্যক ধাৰণা লাভ কৰিব পাৰে সেই উদ্দেশ্য আগত ৰাখি ‘কেৰিয়াৰ হাতপুথি’খন প্রকাশ কৰা হৈছে।

‘কেৰিয়াৰ হাতপুথি’ৰ সংশোধিত আৰু পৰিবৰ্ধিত সংস্কৰণ প্রকাশ পাইছে । এই হাতপুথিখনৰ প্ৰকাশক হ’ল- প্রদ্যুৎ হাজৰিকা,বনলতা, নতুন বজাৰ, ডিব্ৰুগড় – ১,শাখা:পাণবজাৰ, গুৱাহাটী- ১;নিউ বালিবাট, যোৰহাট;অ’ল্ড টেক্সি ষ্টেণ্ড, ক’ৰ্ট তিনিআলি, লখিমপুৰ। বনলতা সংস্কৰণঃ জুন, ২০২৩,দ্বিতীয় সংস্কৰণ: এপ্রিল, ২০২৪,ISBN: 978-93-5849-921-6 , বেটুপাতৰ শিল্পী হ’ল সুমন দাস, অংগসজ্জা কৰিছে অসীম চুতীয়াই , কেৰিয়াৰ হাতপুথিখনত মুঠ ৪৩০ পৃষ্ঠা আছে আৰু ইয়াৰ মূল্য ৩০০ টকা।

‘কেৰিয়াৰ হাতপুথি’ত থকা লেখাবোৰ হ’ল – স্বনিয়োজন নে চাকৰি? দশম আৰু দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ পিছত কি কি বিষয়ত অধ্যয়ন কৰিব পাৰি ?অসমৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়বোৰত থকা স্নাতকোত্তৰ পাঠ্যক্ৰমবোৰ,কেন্দ্রীয় লোকসেৱা আয়োগৰ বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাসমূহ,ষ্টাফ ছিলেকচন কমিছনৰ বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাসমূহ ,সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অসমৰ ছাত্র-ছাত্রীৰ উত্তীৰ্ণ হাৰ কেনেকৈ বাঢ়িব?ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়,কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়,অসমত ইঞ্জিনিয়াৰিঙৰ স্নাতক পাঠ্যক্রম,ৰাষ্ট্ৰীয় যোগ্যতা বাচনি(National Eligibility Test),বিজ্ঞাপন (Advertising),বেংক প্রবেশ্যনেৰী অফিচাৰ (Bank Probationary Officer),বন্দৰ আৰু জাহাজ পৰিচালনা (Port and Shipping Management),ৰাষ্ট্ৰীয় ইলেক্ট্রনিকচ্ আৰু তথ্য প্রযুক্তি প্রতিষ্ঠান [(National Institute of Electronics & Information Technology (NIELIT)],ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গবেষণা প্রতিষ্ঠান,অভিনয় (Acting),ভাৰতীয় পুনর্সংস্থাপন পৰিষদ (Rehabilitation Council of India)ৰ অনুমোদিত পাঠক্রম,ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্র আৰু টেলিভিশান প্রতিষ্ঠান(Dr. Bhupen Hazarika Régional Government Film & Television Institute),ভাৰতীয় সেনা (Indian Army)ত কেনেকৈ যোগদান কৰিব পাৰি?ভাৰতীয় নৌসেনা (Indian Navy)ত কেনেকৈ যোগদান কৰিব পাৰি?ভাৰতীয় বায়ু সেনা (Indian Air Force)তকেনেকৈ যোগদান কৰিব পাৰি?ভাৰতীয় ৰে’লৱে(Indian Railways)ত কেনেকৈ যোগদান কৰিব পাৰি?ভাৰতত কেনেকৈ জ্যোতির্বিজ্ঞানী (Astronomer) কেনেকৈ হ’ব পাৰি?ISROত কেনেকৈ যোগদান কৰিব পাৰি?মার্চেন্ট নেভি(Merchant Navy),RAWত কেনেকৈ যোগদান কৰিব পাৰি?বি. এড. (B.Ed) ডিগ্রী লাভ কৰাৰ পিছত কেৰিয়াৰৰ সুযোগ,ভাৰতত পিএইচডি অধ্যয়নৰ সুবিধা,বিদেশত অধ্যয়নৰ বাবে আগ্রহী ছাত্র-ছাত্রী সকলে কেনেদৰে প্রস্তুতি চলাব,গণিত শাস্ত্র (Mathematics),পৰিসংখ্যা বিজ্ঞান (Statistics),চার্টার্ড একাউন্টেন্সি (Chartered Accountancy),কোম্পানী চেক্রেটাৰী(Company Secretary),ভূতত্ত্ব (Geology),ফৰেনছিক ছায়েন্স (Forensic Science),সমুদ্র বিজ্ঞান (Oceanography),পৰিৱেশ বিজ্ঞান (Environmental Science),কৃষি বিজ্ঞান (Agricultural Science),আর্কিটেকচাৰ (Architecture),ছুগাৰ টেকন’লজী (Super Technology),ছাউণ্ড ইঞ্জিনীয়াৰিং (Sound Engineering),বায়’মেডিকেল ইঞ্জিনীয়াৰিং(Bio-medical Engineering),ইলেকট্রিচিয়ান (Electrician),প্লাষ্টিক টেকন’লজি (Plastic Technology),পেকেজিং টেকন’লজী (Packaging Techmology),প্রিন্টিং টেকন’লজী (Printing Technology),ডেইৰী টেকন’লজী (Dairy Technology),খাদ্য প্রযুক্তি (Food Technology),কৃষি অভিযান্ত্রিক (Agricultural Engineering),অটোমোবাইল ইঞ্জিনিয়াৰিং(Automobile Engineering),নাৰ্ছিং (Nursing),অপ্টোমেট্রি (Optometry) ,চিকিৎসা বিজ্ঞান (Medical Sciences),ফার্মাটী (Pharmacy),পেৰামেডিকেল পাঠ্যক্রম (Para-Medical Courses),মেডিকেল লেবৰেটৰী টেকন’লজী(Medical Laboratory Technology),ফিজিঅ’থেৰাপি (Physiotherapy),পশু চিকিৎসা বিজ্ঞান (Veterinary Science),কমিনিউটি ছায়েন্স (Community Science),ৰেচমবিদ্যা (Sericulture),বৃত্তিমুখী (vocational) শিক্ষা,লাইব্রেৰী এণ্ড ইনফৰমেচন ছায়েন্স (Library and Information Science),আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ,স্পর্টছ মেনেজমেন্ট(Sports Management),টী মেনেজমেণ্ট (Tea Management),বনাঞ্চল পৰিচালনা (Forest Management),চিকিৎসালয় পৰিচালনা আৰু প্ৰশাসন (Hospital Management and Administration),হোটেল মেনেজমেন্ট (Hotel Management),

অগ্নি অভিযান্ত্রিক আৰু নিৰাপত্তা ব্যৱস্থাপনা(Fire engineering & Safety Management),গণসংযোগ আৰু সাংবাদিকতা পাঠ্যক্রম,আইন (Law)ৰ পাঠ্যক্রম,অসমীয়া ভাষা (Assamese Language),ইংৰাজী ভাষা (English Language),বিদেশী ভাষা (Foreign Languages),ফাইন আর্টছ (Fine Arts),ছ’চিয়েল ৱৰ্ক (Social Work),খেলা-ধূলা (Sports),দুঃসাহসিক খেল বা এডভেঞ্চাৰ স্পর্টচ(Adventure Sports),ইলেক্ট্রনিক মাধ্যমৰ লগত জড়িত কেৰিয়াৰ,ডি টি পি অপাৰেটৰ আৰু গ্রাফিক ডিজাইনাৰ(DTP and Graphic Designer),গ্রন্থৰ জৰিয়তে কেৰিয়াৰ,ইঞ্চুৰেন্স এজেণ্ট (Insurance Agent),টিকেট এজেন্ট (Ticket Agent),মেডিকেল ৰিপ্রিজেন্টটেটিভ (Medical Representative),ৰেডিঅ’ জকি (Radio Jockey),ম’বাইল ফোন ৰিপেয়াৰিং (Mobile Phone Repairing),গ্রাফোলজি (Graphology),মিউজিঅ’লজী (Museology),বিমান সেৱিকা (Air Hostess),জুবেলাৰী ডিজাইনিং (Jewellery Designing),ফুটৱেৰ ডিজাইনিং (Footwear Designing),এনিমেশ্যন (Animation) ,কমাৰ্চিয়েল পাইলট (Commercial Pilot),ৰঙালী বিহুৰ লগত জড়িত কেৰিয়াৰ(Career involved with Rongali Bihu),ফেশ্বন ডিজাইনিং (Fashion Designing),বিউটিচিয়ান (Beautician),অডিঅ’লজি আৰু স্পিচ থেৰাপী(Andiology and Speech Therapy),ইণ্টেৰিয়ৰ ডিজাইনিং (Interior Designing),মডেলিং (Modeling),ভ্রমণ আৰু পর্যটন (Travel and Tourism),কেৰিয়াৰক কেনেকৈ শ্রেণীভুক্ত কৰিব পাৰি?কেইটামান আকর্ষণীয় কেৰিয়াৰৰ বিষয়ে, মেনেজমেন্ট পাঠ্যক্রম,কেৰিয়াৰ হিচাপে ফটোগ্রাফী,অভিলেখাগাৰ (Archives) লগত জড়িত কেৰিয়াৰ,ডায়েটিচিয়ান (Dietician),ক্লিনিকেল চাইক’ল’জি(Clinical Psychology),লিবাৰেল আর্টছ(Liberal Arts),ভূগোল (Geography) ,বায়’ডাটা(Bio-data) আৰু গ্রুপ ডিস্কাচন (Group Discussion) । কেৰিয়াৰ হাতপুথিখনৰ শেষত Competition Examination/Job/Scholarship ,Central Universities/AIIMS/IIITS/IISERS/IITS etc. আৰু Educational Institutions of Assam ৰ ৱেবছাইটৰ ঠিকনা সন্নিবিষ্ট কৰা হৈছে ।

ড° বুলজিৎ বুঢ়াগোহাঁইৰ “কেৰিয়াৰ হাতপুথি” কিতাপখন হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশেষ কৃতিত্ব অর্জন কৰা শিক্ষার্থীক আনুষ্ঠানিকভাৱে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান- সংগঠন তথা ব্যক্তি বিশেষে অভিনন্দন জ্ঞাপন কৰোতে উপহাৰ হিচাপে দিব পাৰে ।

Leave A Reply