Breaking

হোজাইত মাস্ক পৰিধান নকৰাৰ অপৰাধত ৩৫ জনক জৰিমনা

0 126

লংকা

লকডাউনৰ ফলত অসমত আবদ্ধ হৈ পৰা লোকসকলক আন্তঃৰাজ্যিক যাতায়াতৰ অনুমতি পত্ৰ দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছে হোজাই জিলা প্ৰশাসনে। আন্তঃৰাজ্যিক যাতায়াতৰ বাবে যিসকলে ব্যাক্তিগত বাহন বা ভাড়া লোৱা বাহনৰে ইচ্ছুক তেওঁলোকে বাহনৰ নথিপত্ৰৰ লগতে নিজৰ লাগতিয়াল তথ্য সমূহৰ সৈতে ৭ তাৰিখৰ পৰা হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ হেল্প ডেস্কত সোঁশৰীৰে উপস্থিত হ’বলৈ জিলা প্ৰশাসনে এক প্ৰেছ বিজ্বপ্তিযোগে অনুৰোধ জনাইছে। আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত যোৱা ২৮ এপ্ৰিলৰ পৰা ৫ মে’ তাৰিখলৈকে হোজাই জিলাৰ পৰা মুঠ ৬৫৩ গৰাকী ব্যক্তি অন্য জিলালৈ গৈছে আৰু ২৩৪৩ গৰাকী ব্যক্তি অন্য জিলাৰ পৰা হোজাই জিলালৈ আহিছে। আনহাতে ৬ মে’লৈকে লকডাউনৰ সময়ত আইন শৃঙ্খলা ভংগৰ অপৰাধত হোজাই আৰক্ষী প্ৰশাসনে ৫৮ জন ব্যাক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে দুচকীয়া বাহন ৬৮২ খন, তিনিচকীয়া বাহন ৯ খন, চাৰিচকীয়া বাহন ৮২ খন আৰু বাইচাইকেল ৫৮ খন জব্দ কৰে। ইয়াৰ উপৰি ২১ খন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।  এতিয়ালৈকে প্ৰশাসনে ৮,১৩,৭০০ টকা জৰিমনা আদায় কৰিছে। আনহাতে হোজাই জিলাত  মাক্স পৰিধান নকৰাৰ বাবে ৩৫ জন লোকক ১২৫০  টকা জৰিমনা কৰাৰ লগতে ধঁপাত  জাতীয় সামগ্রী বিক্ৰী কৰাৰ অপৰাধত ৪ জন ব্যাক্তিক ১০৯০ টকা জৰিমনা বিহিছে।

Leave A Reply