Breaking

মায়ঙত অগ্নিকাণ্ড। জুইত জাহ যায় বহু লক্ষাধিক টকাৰ সা-সম্পত্তি…

0 68

বৃহস্পতিবাৰে সন্ধিয়া ৭:০০ বজাত সংঘটিত হয় এই ভংয়ঙ্কৰ অগ্নিকাণ্ড । কেইবালক্ষাধিক টকাৰ সা-সম্পত্তি জাহ যায় জুইত। মৰিগাঁও জিলাৰ মায়ং থানাৰ অন্তৰ্গত কাউৰীহাগী গাঁৱৰ মহাম্মদ আলীৰ ঘৰত সংঘটিত হয় এই অগ্নি কাণ্ডৰ ঘটনা । অগ্নিকাণ্ডৰ সূতপাত ক’ৰ পৰা হৈছে সঠিককৈ জানিব পৰা হোৱা নাই ৷ বিদ্যুত চট চাৰ্কিটৰ ফলত হোৱা বুলি একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে ৷


এই অগ্নিকাণ্ডত শিক্ষাৰ্থীৰ কিতাপ পত্ৰৰ পৰা আৰম্ভ কৰি ভড়ালত থকা ধান- চাউল,সোণ-ৰুপৰ আ-অলংকাৰ, নগদ ধন, PMAY আচনিৰ ঘৰৰ বাবে অনা ঘৰ বনোৱা সকলো সামগ্ৰী, মূল্যবান নথিপত্ৰ, ঘৰৰ সকলো সামগ্ৰী সম্পূৰ্ণৰূপে জুইত জাহ যায়।


অগ্নিনিৰ্বাপক বাহিনীৰ লোক আহিছিল যদিও ৰাস্তাৰ অসুবিধাৰ বাবে গন্তব্য স্থানত উপস্থিত হ’ব নোৱাৰাত ঘৰটো সম্পূৰ্ণ ৰুপে জাহ যায় জুইত ৷ গাঁৱৰ ৰাইজৰ সহযোগত জুই নুমুৱাই আৰু অন্য মানুহৰ ঘৰলৈ জুই বিয়পাৰ পৰা ৰক্ষা কৰে ৷ উক্ত ঘটনাৰ খবৰ পাই ঘটনাস্থলীত মায়ং থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷

Leave A Reply