Breaking

পদ্মনাথ গোহাঞি বৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত প্ৰথম প্ৰতিষ্ঠা দিৱস উদযাপন।

0 2,358

পদ্মনাথ গোহাঞিবৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত কালি দিনযোৰা কাৰ্যসূচীৰে প্ৰথম প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। পুৱা ৮ বজাত মহাবিদ্যালয়ৰ পতাকা উত্তোলনেৰে অনুষ্ঠানটো শুভাৰম্ভ কৰে অধ্যক্ষ ডঃ ঠানুৰাম মজিন্দাৰে। পতাকা উত্তোলনৰ পিছত মহাবিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগত তথা ডিগবৈ ৰ’টাৰী ক্লাৱৰ সৌজন্যত এলানি বৃক্ষৰোপনৰ কাৰ্যসূচীও অনুষ্ঠিত হয়। কপাহতলি গাওঁৰ গাওঁপ্ৰধান তিলেশ্বৰ মৰানে পদ্মনাথ গোহাঞি বৰুৱাৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কৰাৰ পাছতেই ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা আদৰণি সংগীতেৰে মূল সভা আৰম্ভ হয়। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে তিনিচুকীয়া উইমেনছ কলেজৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক উত্তম দুৱৰা, ডিগবৈ মহিলা মহাবিদ্যালয়ৰ সমাজশাস্ত্ৰ বিভাগৰ অধ্যাপক ডঃ প্ৰভাত শৰ্মা আৰু অসম চৰকাৰৰ প্ৰাক্তন ৰাজহ বিষয়া তথা প্ৰকৃতিকর্মী গোপাল দাস। সভাৰ আদৰণি ভাষনত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ঠানুৰাম মজিন্দাৰে আদৰ্শ মহাবিদ্যালয় সমূহ প্ৰতিষ্ঠাৰ ইতিহাসৰ লগতে ইয়াৰ লক্ষ্য-উদ্দেশ্য আদিৰ বিষয়ে অৱগত কৰে।মহাবিদ্যালয়ৰ সমূহ সদস্যলৈ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনাই দিয়া বক্তব্যত অধ্যাপক উত্তম দুৱৰাই শিক্ষানুষ্ঠান এখনৰ সামগ্ৰিক বিকাশত শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰে। পুথিগত শিক্ষাৰ বাহিৰেও শিক্ষা আহৰণৰ আৰু আন বিকল্প মাধ্যমো থাকে বুলি মত প্ৰকাশ কৰা দুৱৰাই ছাত্ৰ-ছাত্ৰীসকলক ইংৰাজী ভাষা শিক্ষণৰ প্ৰতি থকা ভীতি নোহোৱা কৰিবলৈ আহ্বান জনায়। ডঃ প্ৰভাত শৰ্মাই তেওঁৰ বক্তব্যৰ মাজেৰে গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ মাজেৰে মানসিক উৎকৰ্ষ কেনেকৈ সাধন কৰিব পাৰে-সেই সম্পৰ্কে তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়ায়। জীৱনক অধ্যয়নৰ মাজেৰে ইতিবাচক ৰূপ দিবলৈ আহ্বান জনায় বক্তব্য ৰাখে গোপাল দাসে। ডঃ প্ৰভাত শৰ্মা আৰু গোপাল দাসে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে একোটাকৈ গ্ৰন্থৰ টোপোলা মহাবিদ্যালয়ৰ অধ্যক্ষৰ হাতত অৰ্পণ কৰে। সভাত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা লগ্নৰ পৰা জড়িত তিনিচুকীয়া জিলা পৰিষদৰ প্ৰাক্তন সভাপতি ললিত মৰাণ, কপাহতলী গাঁওৰ গাঁওপ্ৰধান তিলেশ্বৰ মৰাণ, স্থানীয় সমাজকর্মী সুৰেন নেওগেও বক্তব্য ৰাখে। মহাবিদ্যালয়ৰ শিক্ষকসকলৰ হৈ বক্তব্য ৰাখে ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক সঞ্জীৱ কলিতাই। সভাত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ অভিভাৱক প্ৰতিনিধি চেনীধৰ বৰা আৰু হেৰম্বৰ মৰাণ উপস্থিত থাকে। মূল সভাৰ শেষলৈ ইংৰাজী বিভাগৰ দ্বাৰা আয়োজিত ফটোগ্ৰাফী প্ৰতিযোগিতা আৰু সমাজশাস্ত্ৰ বিভাগৰ দ্বাৰা আয়োজিত ৰচনা প্ৰতিযোগিতাৰ পুৰস্কৃত প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়। মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ ঋতু মৰানে বছৰৰ শ্ৰেষ্ঠ ছাত্ৰৰ পুৰস্কাৰ লাভ কৰে। মহাবিদ্যালয়ৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উপলক্ষে মহাবিদ্যালয়ৰ বিগত এটা বছৰৰ বিদ্যায়তনিক- সাংস্কৃতিক অগ্ৰগতি ৰ খতিয়ান হিচাপে এখন তথ্যচিত্ৰও এই সভাতে প্ৰদৰ্শিত হয়। মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা আকাংক্ষিতা শৰ্মাই আঁত ধৰা সভাৰ শলাগৰ শৰাই জ্ঞাপন কৰে অসমীয়া বিভাগৰ মুৰব্বী তথা প্ৰতিষ্ঠা দিৱস উদযাপন সমিতিৰ আহ্বায়ক ডঃ মনালিছা কছাৰীয়ে। মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

Leave A Reply