Breaking

ইতিহাসত প্ৰথম ভাৰতীয় : যুদ্ধ জাহাজত জড়িত ২ মহিলা

0 1,319

দৈনন্দিন বাৰ্তা ডেস্ক : উপ লেফটেনেণ্ট কুমুদিনী ত্যাগী আৰু উপ লেফটেনেণ্ট ৰিটি সিং নামৰ দুগৰাকী মহিলা বিষয়াই ইতিহাসত নতুন অধ্যায় সূচনা কৰিলে ৷ ভাৰতীয় নৌ সেনাৰ ইতিহাসত এই দুগৰাকী মহিলাৰ নাম স্বৰ্ণ আখৰেৰে লিখা থাকিব ৷ যিহেতু প্ৰথম মহিলা বিষয়া হিচাপে এই দুয়োগৰাকী ভাৰতীয় যুদ্ধ জাহাজত জড়িত হ’ব ৷ উল্লেখ্য যে ভাৰতৰ নৌ সেনাত লিংগ বৈষম্যৰ স্থান নাই ৷ ইণ্ডিয়ান নেভীত বিভিন্ন পদত একাধিক মহিলা বিষয়া কৰ্তব্যৰত ৷ কিন্তু তাৰ আগতে এনেদৰে কোনো মহিলা বিষয়াই ভাৰতীয় যুদ্ধ জাহাজৰ কামত ৰখা নাছিল ৷ তাৰ বহু বাস্তৱিক কাৰণ আছিল ৷ যুদ্ধ জাহাজৰ ক্রিউ হিচাপে থকা মানে দীঘলীয়া ভ্ৰমণ ৷ যুদ্ধ জাহাজৰ ক্রিউ কোৱাৰ্টাৰ মহিলাৰ ব্যক্তিগত পৰিসৰ হিচাপে ব্যৱহাৰ কৰাত উপযুক্ত নহয় ৷ তদুপৰি যুদ্ধ জাহাজত মহিলা আৰু পুৰুষৰ বাবে পৃথক শৌচালয়ৰ ব্যৱস্থা নাথাকে ৷ ফলত সকলো দিশ বিচাৰ কৰি মহিলাক যুদ্ধ জাহাজত মোতায়েন কৰাত তেওঁলোক বিভিন্ন অসুবিধাৰ সন্মুখীন হ’ব পাৰে ৷ সেয়ে উপ লেফটেনেণ্ট কুমুদিনী ত্যাগী আৰু উপ লেফটেনেণ্ট ৰিটি সিং এই সকলো সমস্যাৰ সন্মুখীন হয়তো নহ’ব পাৰে ৷ কাৰণ তেওঁলোক কৰ্তব্যত থাকিব যুদ্ধ জাহাজ এমএইচ-৬০ আৰ হেলিকপ্টাৰত ৷ ফলত দুয়োৰে যুদ্ধ জাহাজত দীঘলীয়া ভ্ৰমণ নপৰিব পাৰে ৷ সেয়ে প্ৰয়োজনত ভাৰতীয় নৌ সেনাৰ নতুন অস্ত্ৰ এমএইচ-৬০ আৰ হেলিকপ্টাৰৰ ৰক্ষণাবেক্ষণ আৰু অপাৰেটিং ছিষ্টেমৰ একাধিক দায়িত্ব পাব ৷ এমএইচ-৬০ আৰ হেলিকপ্টাৰ শত্ৰু জাহাজ, ছাবমেৰিন আৰু টৰ্পেডো ৰোধ কৰাত অব্যর্থ। এই কথা কৈছে ভাৰতীয় নৌ সেনাই ৷ ইতিমধ্যে ভাৰতীয় বায়ু সেনাৰ তৰফৰ পৰি জনোৱা হৈছে যে অত্যাধুনিক যুদ্ধবিমান ৰাফেল উৰাবৰ বাবে এগৰাকী মহিলা পাইলটক নির্বাচন কৰা হৈছে ৷

Leave A Reply