Breaking

ফ্ৰান্সৰ পৰা ভাৰতলৈ উৰা মাৰিলে প্ৰথম পৰ্যায়ৰ ৫ খন ৰাফেল বিমান

0 1,235

দৈনন্দিন বাৰ্তা ডেস্ক : সকলো বিতৰ্কৰ অৱসান ঘটাই ফ্ৰান্সৰ পৰা ভাৰতলৈ উৰা মাৰিলে প্ৰথম পৰ্যায়ৰ পাঁচখন ৰাফেল বিমান ৷ অহা ২৯ জুলাই, বুধবাৰে সেই বিমানকেইখন হাৰিয়ানাৰ অম্বালাত ভাৰতীয় বায়ুসেনাত যোগ দিবহি৷ উল্লেখ্য যে মুঠ ৩৬ খন এনে বিমান পৰ্যায়ক্ৰমে ভাৰত পাবহি৷ দ্বিতীয় পৰ্যায়ৰ বিমান আহিব হাচিমাৰা বায়ুসেনাৰ ঘাঁটিলৈ ৷ উল্লেখ্য যে ২০১৬ চনত ফ্ৰান্স ভ্ৰমণ যাওতে প্ৰথম ৰাফেল চুক্তিৰ ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ৫৯ হাজাৰ কোটি টকাত ফ্ৰান্সৰ যুদ্ধবিমান প্ৰস্তুতকাৰী কোম্পানী এভিয়েছনৰ সৈতে ৩৬ খন ৰাফেল বিমান কিনিবলৈ চুক্তি কৰে৷ সেই চুক্তিলৈ কংগ্ৰেছ আৰু বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিছিল ৷ এই সকলো বিতৰ্কৰ অৱসান ঘটাই সোমবাৰে ভাৰতলৈ উৰা মাৰিলে প্ৰথম পৰ্যায়ৰ পাঁচখন ৰাফেল বিমান৷ এই বিমান উৰণৰ বাবে প্ৰশিক্ষণৰ বাবে ভাৰতীয় ১২ জন পাইলট আৰু অভিযন্তাক লৈ গৈছিল৷ তেওঁলোকে বিমানকেইখন উৰুৱাই আনিছে ৷ ইয়াৰ লগতে ইন্ধনৰ বাবে সংযুক্ত আৰব আমিৰশ্বাহিত থকা ফ্ৰান্সৰ বায়ুসেনা ঘাঁটিত মঙলবাৰে ৰ’বহি৷ তাৰ পাছতে অম্বালা অভিমুখে উৰিব যুদ্ধ বিমানকেইখন ৷

Leave A Reply