Breaking

বৰপেটাৰোডত মৰ্মান্তিক ঘটনা, নতুন গাড়ীয়েই যেন কাল হ’ল পাঁচ বন্ধুৰ!

0 420

বৰপেটাৰোডৰ শিমলাগুৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শিমলাগুৰী আৰক্ষী পোহৰা চকীৰ সন্মুখতে বুধবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷

ডাম্পাৰ- অলটোৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত দুজন যুৱকৰ মৃত্যু আনহাতে গুৰুতৰ ভাৱে আহত তিনিজন।

আহত যুৱককেইজনক সংকটজনক অৱস্থাত নিশাই বৰপেটা মেডিকেললৈ প্ৰেৰণ কৰা হয় ৷

পথ দুৰ্ঘটনাত নিহত সৰভোগৰ আহোম পথাৰৰ যুৱক ঋতুমনি ৰয় আৰু আমগুৰি টেঙা গাঁৱৰ নিৰ্মল দাস বুলি জানিব পৰা গৈছে ৷


আনহাতে গুৰুতৰভাৱে আহত হোৱা লোক তিনিজন ক্ৰমে জিতুমনি ৰয়,দ্বীপজ্যোতি ৰয় আৰু জুয়েলজ্যোতি ৰয় বুলি জানিব পৰা গৈছে ৷


সৰভোগৰ এই পাঁচ গৰাকী বন্ধুৱে ALTO K10 বাহনেৰে মাজনিশা হাউলীৰ পৰা সৰভোগ অভিমুখে আহি থকাৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ শিমলাগুৰীত নিৰ্মাণ হৈ থকা উৰণীয়া সেতুৰ DIVERSION আহি পোৱাৰ লগে লগে
বিপৰীত দিশৰ পৰা গৈ থকা AS 28C 9035 নম্বৰৰ ডাম্পাৰৰ লগত মুখামুখি সংঘৰ্ষ হয় ৷ ফলত এই ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয় ৷


জানিব পৰা মতে, সৰভোগৰ নিৰ্মল দাস নামৰ যুৱকজনে নতুন পাৰ্লাৰৰ ব্যৱসায়ৰ আৰম্ভ কৰিছিল। দুৰ্ঘটনাত পতিত হোৱা ALTO K 10 গাড়ীখন বুধবাৰে ক্ৰয় কৰিছিল সৰভোগত নতুনকৈ মুকলি কৰা এটি নতুন শ্ব’ৰুমৰ পৰা৷ নিশা বন্ধুসকলক লৈ ক্ৰয় কৰা নতুন বাহনখনেৰে নিশা ফুৰিবলৈ আহোতে এই দুৰ্ঘটনা সংঘটিত হয় ৷
উক্ত ঘটনাৰ পিছতে সমগ্ৰ সৰভোগৰ অঞ্চলতে শোকৰ ছাঁ বিৰাজ কৰিছে।

Leave A Reply