Breaking

নাজিৰাৰ গড়গাঁও কোৱাৰেণ্টীন চেণ্টাৰত থকা ৫ জনৰ শৰীৰত কৰ’নাৰ অৱস্থিতি

0 36

নাজিৰা:

বিশেষ ৰেল গাড়ীৰে চেন্নাইৰপৰা আহি মৰিয়নি জংচনত নমা নাজিৰাৰ ৫ জনকৈ যুৱকৰ শৰীৰৰত ক’ভিড – ১৯ৰ অৱস্থিতি ধৰা পৰাৰ পাছতেই সমগ্ৰ নাজিৰা মহকুমাতেই কৰ’নাৰ ত্ৰাসে জনসাধৰণক চুই গৈছে । সমগ্ৰ ভাৰতবৰ্ষত প্ৰায় ২লাখ লোক আক্ৰান্ত হৈ লকডাউন চলি ৰোৱাৰ পঞ্চমটো পৰ্য্যায় ওচৰ চপালৈকে নাজিৰা মহকুমাৰ ৭টাকৈ কোৱাৰেন্টীন কেন্দ্ৰৰ কোনোজন লোকেই কৰ’না পজিটিভ নোহোৱাৰ বাবে ৰাইজৰ মাজত কৰ’নাৰ আতংক হ্ৰাস পাইছিল । ইতিমধ্যে নাজিৰালৈ ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যৰপৰা ৰেল, বাছ আৰু বিমানেৰে আহি পোৱা প্ৰায় ৫শ জন লোকৰ নাজিৰাতে শৰীৰৰ স্বাৱ সংগ্ৰহ আৰু পৰৱৰ্ত্তী পৰীক্ষা সম্পন্ন হৈছিল যদিও কোনো জনেই কৰ’নাৰ বাহক হিচাপে প্ৰমাণ পোৱা হোৱা নাছিল । কিন্ত্ত যোৱা ২৬ মে’ত ৰেল যাত্ৰী হিচাপে চেন্নাইৰ পৰা গুৱাহাটী আৰু পৰৱৰ্ত্তী আন এখন ৰেলেৰে মৰিয়নি জংচন আহি পোৱা ৫ যুৱক ৩১ মেৰ নিশা আই চি এম আৰ লাহোৱালৰপৰা ঘোষিত স্বাব পৰীক্ষাৰ ফলাফলত কৰ’না পজিটিভ বুলি ঘোষণা হৈছে । মৰিয়নিৰপৰা বাছেৰে আহি গড়গাওঁ কলেজৰ নাজিৰা মহকুমা কোৱাৰেন্টীন কেন্দ্ৰত আবাসী হৈ পৰা শিমলুগুৰি লিকচন গাঁৱৰ বিকাশ কোঁৱৰ (১৯),একে গাঁৱৰে যদুমণি চেতিয়া (২১),লোহিত গগৈ (২০), গেলেকী ৰজাভেটাৰ বিকী সন্দিকৈ (২৪), চন্টক বিহুবৰৰ ৰাজা চাব্বাৰ (২৬) ক ৩১ মেৰ নিশাই জয়সাগৰ স্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ক’ভিড চিকিৎসা কক্ষত ভৰ্ত্তি কৰোৱা হয় । সংশ্লিষ্ট যুৱককেইজনে চেন্নাইৰ এক কোম্পানীত কৰ্মৰত আছিল আৰু চেন্নাইৰ এক কলেজৰ গৃহত সমবেত হৈ আন ৰাজ্যৰ বহু লোকৰ সৈতে শ্ৰমিক কৃষক এক্সপ্ৰেছলৈ অপেক্ষা কৰিছল ।  প্ৰথম বাৰৰ বাবে নাজিৰাত ক’ভিড ১৯ ৰ অৱস্থিতি ধৰা পৰাৰ পাছতে কৰ্তৃপক্ষই সমগ্ৰ এলেকাতে ছেনিটাইজ কৰাৰ লগতে তৎপৰতা অধিক বঢ়াই তোলা পৰিলক্ষত হৈছে । 

Leave A Reply