Breaking

মহিলা প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনত পাঁচটা দলে খেলিব। আদানীয়ে ক্ৰয় কৰিলে আহমেদাবাদ , সম্পূৰ্ণ তালিকা চাওক

0 46

মহিলা আই পি এলৰ দলৰ কথা পোহৰলৈ আহিছে। আদানী গ্ৰুপে আহমেদাবাদৰ মহিলা দল আৰু আৰ চি বি গ্ৰুপে বাংগালুৰু ক্ৰয় কৰিছে।মহিলা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ নাম সলনি কৰা হৈছে। ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সম্পাদক জয় শ্বাহে কয় যে ইয়াক মহিলা প্ৰিমিয়াৰ লীগ হিচাপে নিৰ্বাচিত কৰা হৈছে। ইয়াৰ প্ৰথম ছিজনত মুঠ ৫টা দলে খেলিব। ইয়াৰ ভিতৰত আহমেদাবাদ, মুম্বাই, বাংগালুৰু, দিল্লী আৰু লক্ষ্ণৌক অন্তৰ্ভুক্ত কৰা হৈছে। বহু ডাঙৰ ডাঙৰ কোম্পানীয়ে এই দলবোৰ কিনিবলৈ বাজি ধৰিছিল। আহমেদাবাদৰ দলটো ক্ৰয় কৰিছে আদানী গ্ৰুপে। আনহাতে ৰয়েল চেলেঞ্জাৰছ বাংগালোৰে ক্ৰয় কৰিছে বাংগালুৰু দল। এই দলসমূহৰ বাবে কোম্পানীসমূহে বিপুল পৰিমাণৰ ধন দিছে।

পাঁচটা কোম্পানীয়ে মহিলা প্ৰিমিয়াৰ লীগৰ দল ক্ৰয় কৰাত সফল হয়। আদানী স্প’ৰ্টছ লাইন প্ৰাইভেট লিমিটেডে ১২৮৯ কোটি টকাত আহমেদাবাদ ক্ৰয় কৰিছে। আনহাতে ইণ্ডিয়া উইন স্প’ৰ্টছ প্ৰাইভেট লিমিটেডে ৯১২.৯৯ কোটি টকাত মুম্বাই ক্ৰয় কৰিছে। মহিলা আই পি এলৰ তৃতীয়টো দল হৈছে বাংগালুৰু। ইয়াক ৰয়েল চেলেঞ্জাৰছ স্প’ৰ্টছ প্ৰাইভেট লিমিটেডে ৯০১ কোটি টকাত ক্ৰয় কৰিছে। দিল্লীক ৮১০ কোটি টকাত ক্ৰয় কৰিছে জে এছ ডব্লিউ জি এম আৰ ক্ৰিকেট প্ৰাইভেট লিমিটেডে। লক্ষ্ণৌৰ মহিলা দলটো ক্ৰয় কৰিছে কাপৰি গ্ল’বেল হোল্ডিংছে। তেওঁ ৭৫৭ কোটি টকা ব্যয় কৰিছে। মহিলা প্ৰিমিয়াৰ লীগৰ পাঁচটা দলৰ মুঠ মূল্য ৪৬৬৯.৯৯ কোটি টকা।

Leave A Reply