Breaking

সোণতলীত বৰ্নাত্যৰ হাহাকাৰ, জনপ্ৰতিনিধিৰ সাহায্য বিতৰণ ।

0 1,181

সোণতলী : দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ সোণতলীত কালি স্থানীয় জনপ্ৰতিনিধি, চিকিৎসকৰ দল এটাই বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি সাহায্য বিতৰণ কৰে৷ জানিব পৰামতে বকোৰ সোণতলীৰ প্ৰায় ত্ৰিশখনকৈ গাঁও সম্পূৰ্ণ বানপানীৰ কবলত পৰিছে৷ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ট দিনত দিনে বৃদ্ধি হোৱাত বৰ্নাত্যৰ মাজত হাহাকাৰ সৃষ্টি হৈছে৷ এফালে লুইতৰ খহনীয়াই আনফালে বাঢ়নি পানীয়ে নৈ পৰীয়া ৰাইজৰ মাজত বিভিষিকাৰ সৃষ্টি কৰিছে৷ নিজৰ আপোন ঘৰখন এৰি আশ্ৰয় শিবিৰ আৰু মথাউৰিলৈ আশ্ৰয় লবলগা হৈছে৷ গৰু, ম’হ, ছাগলী ভেড়া আদিৰ লগতে মানুহবোৰে একেলগে সহৱস্থান কৰিব লগা হৈছে৷ জানিব পৰা মতে ব্ৰহ্মপুত্ৰৰ তীব্ৰ সোতে কেবাজনৰো ঘৰ দুৱাৰ উঠাই লৈ গৈছে৷ পৰিতাপৰ বিষয়ে এয়ে যে, বিশুদ্ধ খোৱা পানী, খাদ্যৰ অভাৱ আৰু ৰ’দ বৰষুণ মাজতে দিন পাৰ কৰিবলগীয়া বৰ্নাত্যৰ কাষত চৰকাৰৰ কোনো এজন প্ৰতিনিধি সহাৰি নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ স্মৰ্তব্য যে, সোমবাৰে যন্ত্ৰচালিত নাৱৰে সোণতলী টুপামাৰী জিলা পৰিষদৰ সদস্য স্বাহজাহান আলী আহমেদ, সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া কুৰবান আলী, সোণতলী আৰক্ষী চকীৰ আৰক্ষী বিষয়া অৰ্জুন তালুকদাৰৰ লগতে মাহতলী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আমিন মইনুল হকৰ নেতৃত্বত সোণতলীৰ নৈ পৰীয়া বানপিড়িত অঞ্চল পৰিদৰ্শন কৰে৷ সোণতলী এলেকাধিন মাহতলী গাঁও পঞ্চায়তৰ লটুৰাদিয়া, বৰঘুল, পানীখাইতী, ঝাওবাগান আদি আশ্ৰয়শিবিৰ পৰিদৰ্শন কৰি বৰ্নাত্যসকলৰ বাবে বিশুদ্ধ খোৱাপানী, তিৰপাল, বিস্কুট আদিৰ লগতে বিভিন্ন বেমাৰ আজাৰৰ পৰা ৰক্ষা পাবলৈ বৰ্নাত্যসকলক ঔষদ বিতৰণ কৰে৷ উল্লেখযোগ্য যে, শিবিৰ আৰু মথাউৰিত আশ্ৰয় লোৱা বৰ্নাত্যসকলৰ মাজত চৰকাৰক সাহায্য প্ৰদান কৰিবলৈ জিলা পৰিষদৰ সদস্য স্বাহজাহান আলীৰ লগতে বানাক্ৰান্ত ৰাইজে বিনম্ৰ আহব্বান জনাইছে৷

Leave A Reply