Breaking

পৰ্বতঝোৰাৰ বন্যাক্ৰান্ত অঞ্চল পৰিদৰ্শন মহকুমাধিপতিৰ । ৬০খন গাঁও জলমগ্ন, ৩ ঠাইত আশ্ৰয় শিবিৰ ।

0 882

পৰ্বতঝোৰা : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ শিলাই, টিপকাই, সৃষ্টি আৰু কালভাণ্ডাৰী নদীৰ জলপৃষ্ঠ নেৰানেপেৰা বৰষুণৰ ফলত ওফন্দি উঠাৰ বাবে বিভিন্ন অঞ্চল বানত বুৰ যায়৷ বিশেষকৈ ডুলিগাঁও, জলাবিলা, কুৰ্শাকাটী, খোৰাঘাট নামাপাৰা, তমাকুবাৰী, পলাশগুৰি, খুঁটাবাগ্ৰা, মোৱামাৰী, ৰূপসী আদিকে ধৰি বিভিন্ন গাঁও তথা অঞ্চল প্লাৱিত হয় ৷ উল্লেখযোগ্য যে মহকুমাটোৰ মুঠ ৬০খন ৰাজহ গাঁও বানত প্লাৱিত হৈছে৷ বৰ্তমানলৈ তিনি ঠাইত আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে৷ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চুপাৰীঘাটৰ পৰা কাজিগাঁৱলৈ যোৱা গড়কাপ্টানি পথছোৱাৰ দুঠাইত তীব্ৰবেগী পানীয়ে খহোৱাৰ লগতে বংশীঝোৰা আৰু মংগলঝোৰা সংযোগী তিনিখন কাঠৰ দলং ক্ষতিগ্ৰস্ত হৈছে, যাৰ ফলত যাতায়াত ব্যাহত হৈছে৷ ইতিমধ্যে মহকুমাটোৰ মহকুমাধিপতি হেমন্ত প্ৰসাদ ৰাজকুমাৰে দণ্ডাধীশসকলক বন্যাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি তেখেতক সবিশেষ জনাবলৈ নিৰ্দেশ দিয়াৰ লগতে তেখেতে নিজেও অঞ্চলটোৰ বিভিন্ন বন্যাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰি দুৰ্দশাগ্ৰস্ত ৰাইজৰ বুজ লয়৷ তেখেতে প্ৰশাসনৰ তৰফৰ পৰা দুৰ্গতসকলৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে৷ উল্লেখযোগ্য যে কোভিড-১৯ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে কাৰ্যবাহী দণ্ডাধীশ প্ৰীতম ৰাজা শৰ্মাৰ উপস্থিতত দুৰ্গতসকলৰ মাজত মাস্কো বিতৰণ কৰিছে৷ এইক্ষেত্ৰত ‘জুপিটাৰ’ এনজিঅ’ৰ সহযোগিতাও প্ৰশংসনীয়৷ মহকুমাধিপতিৰ এই সচেতনতাক অঞ্চলটোৰ ৰাইজে ভূয়সী প্ৰশংসা কৰিছে ৷

Leave A Reply