Breaking

লোকসংগীতৰ শিল্পী, বিহুৱা ,নামাচাৰ্য টংলাৰ গোপাল ডেকা আৰু নাই

0 571

ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত বালিপাৰা চমুৱাপাৰা গাঁৱৰ এগৰাকী প্ৰতিভাবান লোকসংগীতৰ শিল্পী , বিহুৱা ,নামাচাৰ্য গোপাল ডেকা আৰু নাই। ২৯ এপ্ৰিল বৃহস্পতিবাৰে নিশা ৯-২০ বজাত ওদালগুৰি অসামৰিক চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰি বৈকণ্ঠগামী হোৱা গোপাল ডেকাৰ নিউমনীয়া টাইফয়েড হৈ আছিল। ৩৫ বছৰীয়া গোপালে দীৰ্ঘদিন ধৰি বিহু মঞ্চ,বিহুতলীত বিহু নাম,বাঁহী বজায়, পেঁপা বজাই ৰাইজৰ সমাদৰ লাভ কৰাই নহয় লোকসংগীতৰ এগৰাকী নিভাঁজ শিল্পী হিচাপে পৰিগণিত হৈছিল।

আৰ্থিক অনাটনে জুৰুলা কৰিলেও লোককলা কৃষ্টিৰ চর্চা -সাধনা নিৰন্তৰে কৰি গৈছিল।এক সংস্কৃতিবান পৰিয়ালত জন্ম গ্ৰহণ কৰা গোপালৰ পিতৃ প্ৰয়াত সুকনান্নী ওজাপালিৰ শিল্পী হৰকান্ত ডেকা আৰু মাতৃ ভূমিত্রা ডেকা।খুৰাক, আইতাকৰ পৰা অলেখ অনুপ্ৰেৰণা লাভ কৰি কৃষ্টিৰ পথাৰত ভৰি দিয়া গোপালে বৰগীত, বিয়ানাম,দিহানাম,থিয় নাম খোল বাদনৰ উপৰি কোচ ৰাজবংশী, ৰাভা,শৰণীয়া কছাৰী মিছিং,তিৱা লোকনৃত্যটো দক্ষতা অর্জন কৰিছিল।

আনহাতে শিল্পী গোপাল ডেকাৰ খুৰাক মটৰ দুৰ্ঘটনাত মৃত্য ভতিজাক শিল্পী গোপাল ডেকাৰ সংস্কাৰ কৰি ঘৰলৈ উভটোতে টংলা কলেজ ৰ’ডৰ বালিপাৰা শ্মশানৰ সমীপতে মাৰুটি ভান (এ এছ-০১A D-৯১৪০) এখনে ষাঠিৰ উৰ্ধৰ ধনপতি ডেকাক মহতিয়াই নিয়ে। ততালিকে উন্নত চিকিৎসাৰ বাবে টংলা স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও মৃত্যু হোৱা বুলি জনা যায়।মাৰুটি ভান খনৰ চালকজন খোখাবস্তিৰ মাৰতুছ তিৰকী। ভতি জাকৰ নশ্বৰ দেহ পঞ্চভূতত বিলীন নৌহতে খুড়াকৰ আকস্মিক বিয়োগত সকলোৱে মৰ্মাহত হয়।

■টংলাৰ পৰা অৰূপ বড়ো

Leave A Reply