Breaking

ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰখ্যাত শিল্পী হৰেন দাসলৈ “লোকসংগীত শিৰোমণি গোকুল পাঠক বঁটা”

0 2,086

ভ্ৰাম্যমাণ থিয়েটাৰৰ এসময়ৰ প্ৰখ্যাত অভিনেতা, গীতিকাৰ, সুৰকাৰ, সংগীত শিল্পী তথা গোকুল পাঠকৰ বৈঠকীৰ সংগী বিজনী নিবাসী হৰেন দাসলৈ আগবঢ়োৱা হৈছে ২০২১বৰ্ষৰ “লোকসংগীত শিৰোমণি গোকুল পাঠক বঁটা”। এই কথা জানিবলৈ দিছে গোকুল পাঠক স্মৃতি সুৰক্ষা সমিতিৰ প্ৰচাৰ সম্পাদক কমলেশ বৈশ্যই ৷ ১৪ অক্টোবৰত পালন কৰা হ’ব বৰপেটাৰ মহীৰূহ শ্ৰীশ্ৰীমথুৰা দাস বুঢ়াআতা বঁটাপ্ৰাপক, বিষ্ণুৰাভা বঁটা প্ৰাপক , বৰপেটা সত্ৰৰ ইতিহাস প্ৰণেতা লোকসংগীত শিৰোমণি শিল্পী সাহিত্যিক গোকুল পাঠকৰ জন্মদিন ৷ উক্ত দিনাই বৰপেটা সাহিত্য সভা ভৱনত অনুষ্ঠিত হ’বলগীয়া এটা  অনুষ্ঠানত ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পী হৰেন দাসক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে ৷  উল্লেখ্য যে ২০১৩ বৰ্ষৰপৰা আৰম্ভ কৰা লোকসংগীত শিৰোমণি শ্ৰীগোকুল পাঠক বঁটা প্ৰতিবছৰে অসমৰ সাহিত্য, কলা সংস্কৃতিৰ আজীৱন সেৱক- সেৱিকালৈ প্ৰদান কৰাৰ ব্যৱস্থা হৈছে।২০১৩ বৰ্ষত প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হয় লোকশিল্পী তপন চন্দ্ৰ ভৰালীক।২০১৪ বৰ্ষত এই বঁটা প্ৰদান কৰা হয় কামৰূপী লোকগীত ৰেডিঅ’ আৰু মঞ্চৰ মাধ্যমেৰে জনপ্ৰিয় কৰি তোলা সুপ্ৰসিদ্ধ গায়ক ডিম্বেশ্বৰ দাস, ২০১৫ বৰ্ষত সত্ৰীয়া সংস্কৃতিৰ একান্ত সেৱক জগন্নাথ বায়ন, ২০১৬ বৰ্ষত অসমৰ বিশিষ্ট সংগীত শিল্পী সুদক্ষিণা শৰ্মা,২০১৭ বৰ্ষৰ বাবে অসমৰ বিশিষ্ট সংগীত শিল্পী অসম জীয়াৰী স্বনামধন্য অৰ্চনা মহন্ত, ২০১৮ বৰ্ষৰ বাবে কামৰূপী লোকসংগীতৰ শিল্পী স্নেহলতা, ২০১৯ বৰ্ষত বিশিষ্ট গীতিকাৰ সুধীৰ দাস,২০২০ বৰ্ষত কামৰূপী লোকসংগীতৰ বিশিষ্ট শিল্পী ধনদা পাঠক আৰু এইবছৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ এসময়ৰ প্ৰখ্যাত শিল্পী গোকুল পাঠকৰ সংগী হৰেন দাসক এই বঁটাৰ বাবে নিৰ্বাচন কৰা হয়। ১৪ অক্টোবৰত শিল্পী , সাহিত্যিক গোকুল পাঠকৰ ৯৬ সংখ্যক জন্মদিন বিশেষ দিন হিচাপে উদযাপন কৰাৰ বাবে ইতিমধ্যেই প্ৰস্তুতি আৰম্ভ কৰিছে গোকুল পাঠক স্মৃতি সুৰক্ষা সমিতিয়ে। স্মৃতি সুৰক্ষা সমিতিৰ সহকাৰী সম্পাদক নাৰায়ণ পাঠকে সকলোৰে সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছে।

Leave A Reply