Breaking

কাপোৰৰ যত্নঃ কাপোৰ ধোৱাৰ সময়ত ৫টা নিয়ম মানি চলক…

0 15

গৰমৰ দিনত কাপোৰৰ অতিৰিক্ত যত্নৰ প্ৰয়োজন। এই বতৰত কপাহী কাপোৰৰ যত্ন কেনেকৈ ল’ব জানেনে? গৰমৰ দিনত কপাহী কাপোৰৰ বাহিৰে আন একো পিন্ধিবলৈ মন নাযায়। নৱবৰ্ষ উদযাপন হওক বা ফাংচন হওক, এনে অনুষ্ঠানবোৰত পিন্ধি যাবলৈ কপাহী কাপোৰেই আটাইতকৈ আৰামদায়ক। কিন্তু উপযুক্ত যত্নৰ অভাৱত কাপোৰৰ ৰং শেঁতা পৰিব পাৰে। এই বতৰত কপাহী কাপোৰৰ যত্ন কেনেকৈ ল’ব, জানো আহক-


১) কপাহী কাপোৰ ধোৱাৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে। বহুতৰে কাপোৰ গৰম পানীত কিছু সময় তিয়াই থৈ তাৰ পিছত ধোৱাৰ অভ্যাস আছে। পৰাপক্ষত কপাহী কাপোৰ গৰম পানীত নুধুব, এনে কৰিলে কাপোৰৰ ৰং যাব পাৰে। সদায় কপাহী কাপোৰ ধোৱাৰ সময়ত ঠাণ্ডা পানী ব্যৱহাৰ কৰিব লাগে।

২) কপাহী কাপোৰ ধোৱা হ’লে চাবোনৰ লগত ভিনেগাৰ একাপ মিহলাই লওক। ই কপাহী কাপোৰৰ উজ্জ্বলতা নষ্ট নকৰে। কাপোৰৰ গোন্ধো আহিব।

৩) ৰ’দত কেতিয়াও কপাহী কাপোৰ শুকুৱাব নালাগে। ইয়াৰ ফলত কাপোৰৰ ৰং যাব পাৰে। কপাহী কাপোৰ শুকুৱাবলৈ বেছি সময় নালাগে।

৪) বহুতো কপাহী কাপোৰ প্ৰথমবাৰ ধুলেই ৰং সলনি হয়। এনে অৱস্থাত প্ৰথমবাৰৰ বাবে ধোৱাৰ সময়ত কপাহী কাপোৰবোৰ নিমখীয়া পানীত কিছু সময় তিয়াই থ’ব লাগে। তাৰ পিছত চাবোনেৰে ধুব।

৫) কপাহী কাপোৰ ধোৱাৰ সময়ত কাপোৰবোৰ ওলোটাই লৈ তাৰ পিছত চাবোনেৰে ধুব। এই নিয়ম মানি চলিলে কাপোৰৰ ৰং বহুদিনলৈকে থাকিব।

Leave A Reply