Breaking

বিদ্যা নিকেতনৰ সাফল্যৰ পিছত এইবাৰ অসমত শিশু শিক্ষা সমিতিৰ ‘শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতন’ স্থাপন ।

0 1,449

গুৱাহাটী :
বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ অধীনস্থ শিশু শিক্ষা সমিতি, অসমে সমগ্ৰ ৰাজ্যত ৫৫৬ খন বিদ্যালয়ৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰি গুণগত মানদণ্ডৰ শিক্ষা প্ৰদানত ঈৰ্ষণীয় সফলতা লাভ কৰিবলৈ সমৰ্থ হৈছে। বিগত সময়ছোৱাত এই বিদ্যালয়সমূহৰ পৰা একাধিক মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে উন্নত ফলাফল দাঙি ধৰাৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেইবাবাৰো অসমৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰি আহিছে। এনে ধাৰাবাহিক সফলতাৰ অন্তত শিশু শিক্ষা সমিতি, অসমে গুৱাহাটীৰ চন্দ্ৰপুৰত এখন পূৰ্ণাংগ আৱাসিক উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰি অসমৰ শিক্ষাৰ ক্ষেত্ৰখনত সাফল্যৰ পৰিসৰ বৃদ্ধি কৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ইয়াক এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচনা কৰিছে সংস্থাটোৱে। এই অনুযায়ী ২০২০-২১ শিক্ষা বৰ্ষত পাঠদান আৰম্ভ কৰিব পৰাকৈ ইতিমধ্যে গুৱাহাটীত শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতন স্থাপন কৰা হৈছে। এই উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতনত অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে পাঠদানৰ সুবিধা থাকিব আৰু শিক্ষানুষ্ঠানখন সম্পূৰ্ণৰূপে আৱাসিক হ’ব। প্ৰাৰম্ভিক পৰ্যায়ত বিদ্যালয়খনত কলা আৰু বাণিজ্য শাখাত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত পাঠদান কৰা হ’ব। প্ৰতিটো শাখাতে ন্যুনতম মাচুলত ৫০ জন শিক্ষাৰ্থীয়ে নামভৰ্তি কৰাৰ সুযোগ পাব। শিক্ষাৰ্থীসকলে যাতে কৃতকাৰ্যতা লাভ কৰিব পাৰে আৰু পৰ্যাপ্ত দিহা-পৰামৰ্শ পাব পাৰে তাৰ বাবে অভিজ্ঞ, দূৰদৃষ্টিসম্পন্ন, কৌশলী আৰু যুৱ শিক্ষকক নিযুক্তি দিয়া হৈছে। শিক্ষাৰ্থীসকলে যাতে দ্ৰুত পৰিৱৰ্তনশীল পৃথিৱীখনৰ সৈতে নিজকে খাপ খুৱাই ল’ব পাৰে তাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, বি বৰুৱা মহাবিদ্যালয় আদিৰ দৰে আগশাৰীৰ শিক্ষানুষ্ঠানসমূহৰ অভিজ্ঞ সমল ব্যক্তিসকলৰ দ্বাৰাও সময়ে সময়ে পাঠদনাৰ ব্যৱস্থা কৰা হ’ব। এই নব্য শিক্ষানুষ্ঠানখনৰ আন এক বিশেষত্ব হিচাপে কেৰিয়াৰ কাউন্সেলিঙৰ লগতে SSC, NDA আদিৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত বহিব পৰাকৈ বিনামূলীয়া ক’চ্ছিঙৰ ব্যৱস্থা কৰা হৈছে। শিক্ষানুষ্ঠানখনৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰা হৈছে কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক অম্লানদীপ দাসক। অধ্যাপক দাসে সুদীৰ্ঘ শৈক্ষিক অভিজ্ঞতাৰে শিক্ষাৰ্থীসকল প্ৰতিটো খোজতে আগুৱাই লৈ যাবলৈ সাজু হৈ আছে। এই শিক্ষানুষ্ঠানখনত নামভৰ্তিৰ বাবে আমাৰ ৱেবছাইট www.sumvn.org ৰ জৰিয়তে আবেদন জনাব পাৰিব। এই আবেদন প্ৰক্ৰিয়া ১৫ জুলাইলৈকে অব্যাহত থাকিব। ১৬ জুলাইত নামভৰ্তিৰ বাবে যোগ্য বিবেচিত প্ৰাৰ্থীসকলৰ তালিকা প্ৰকাশ কৰা হ’ব আৰু ৩১ জুলাইৰ ভিতৰত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনাৱলীৰ ভিত্তিত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব। শিক্ষানুষ্ঠানখনত ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমতে পাঠ গ্ৰহণ কৰিব পাৰিব। ইয়াৰ লগতে স্প’কেন ইংলিছ, কমিউনিকেশ্যন স্কিল আৰু ছ’ফ্ট স্কিলৰ দৰে বিষয়সমূহৰো পাঠদানৰ ব্যৱস্থা থাকিব। অধিক তথ্য তথা আন যিকোনো আপডেটৰ বাবে www.sumvn.org ভিজিট কৰিব পাৰিব বুলি শিশু শিক্ষা সমিতিয়ে জনাইছে।
উক্ত বিষয় সম্পৰ্কে আজি ইংৰাজী ২৬ জুন ২০২০ তাৰিখে শিশু শিক্ষা সমিতি অসমৰ প্ৰান্তীয় কাৰ্যালয়ত এক সংবাদ মেল অনুষ্ঠিত কৰা হয়। শিশু শিক্ষা সমিতি অসমৰ সহ প্ৰান্ত প্ৰচাৰ প্ৰমুখ শৈলেন্দ্ৰ পাণ্ডেই আঁত ধৰা সংবাদ মেলখনক সম্বোধন কৰি শিশু শিক্ষা সমিতি অসমৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে কয় যে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতি বছৰে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল লাভ কৰি অহাটোৱে আমাৰ সফলতাক প্ৰতিফলিত কৰে। ইতিমধ্যে কেইখনমান নিকেতনে নিজা প্ৰচেষ্টাৰে উচ্চতৰ মাধ্যমিকৰ পাঠদান আৰম্ভ কৰিছেও। উক্ত বিষয়টোৰ প্ৰতি চিন্তা কৰি আৰু ৰাইজৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি এই বছৰৰ পৰা আমি উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পুৰ্ণাংগ বিদ্যালয় এখন আৰম্ভ কৰিবলৈ লৈছো। বিদ্যালয়খনৰ শৈক্ষিক দিশটোৰ প্ৰতি আলোকপাত কৰি ৰেক্টৰ তথা অধ্যক্ষ ড০ অম্লানদীপ দাসে কয় যে আমাৰ পাঠদান অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে হব। প্ৰথম পৰ্যায়ত কলা আৰু বাণিজ্য এই দুয়োটা বিভাগত আৰম্ভ কৰিলেও শীঘ্ৰে বিজ্ঞানৰ শ্ৰেণীও আৰম্ভ কৰা হব। পাঠ্যক্ৰমৰ ওপৰিও আমাৰ শিক্ষাৰ্থীসকলৰ বাবে অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষা আদিৰ কোচ্ছিঙৰ ব্যৱস্থাও থাকিব।
শৈলেন্দ্ৰ পাণ্ডেই বিদ্যা ভাৰতীৰ লক্ষ আৰু উদ্দেশ্যৰ বিষয়ে আলোকপাত কৰি কয় যে বিদ্যা ভাৰতীয়ে দেশৰ প্ৰতিটো বৰ্গৰ ছাত্ৰ-ছাত্ৰীয়ে যাতে গুণগত শিক্ষা লাভ কৰে তাৰ প্ৰতি ইয়াৰ প্ৰতিষ্ঠাৰ দিনৰে পৰাই অহৰহ প্ৰচেষ্টা চলাই আহিছে। বিদ্যা ভাৰতীয়ে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক সুনাগৰিক কৰি গঢ়ি তোলাৰ প্ৰতি সংকল্পবদ্ধ হৈ নিজৰ প্ৰচষ্টা চলাই আহিছে। এই ক্ষেত্ৰত আমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে বিশেষ ভূমিকা লব বুলি তেওঁ আশা প্ৰকাশ কৰে। লগতে সকলো সাংবাদিক বন্ধুক ধন্যবাদ জ্ঞাপন কৰি মেল খনৰ সামৰণি মাৰে।

Leave A Reply