Breaking

নগাঁৱত বন বিভাগৰ অভিযানত অবৈধ কাঠফলা মিল জব্দ

0 1,227

নগাঁও, ১৮ ডিচেম্বৰ: নগাঁও জিলা  বন বিভাগৰ এটা অভিযানকাৰী দলে আজি জিলাখনৰ বঢ়মপুৰ হাজৰিকা চুক অঞ্চলত অভিযান চলাই এটা অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, দীৰ্ঘদিন  ধৰি বঢ়মপুৰৰ হাজৰিকা চুক অঞ্চলৰ  হাজৰিকা উপাধিৰ এজন  লোক  অবৈধ ভাবে কাঠ ফলা মিল চলাই আহিছিল। এই মিলত একাংশ অসাধু কাঠ ব্যৱসায়ীয়ে অতি মূল্যবান চোৰাং কাঠ ফালি জিলা খনৰ বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আহিছিল।  এই খবৰ গোপন সূত্ৰে লাভ কৰি আজি নগাঁও বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীৰ নেতৃত্বত যোৱা দলটোৱে  অবৈধ কাঠফলা মিলটো উৎখাত কৰাৰ লগতে কাঠমিল চলোৱাত ব্যৱহৃত এটা ডিজেল জেনেৰেটৰ  আৰু কিছু মূল্যবান কাঠ জব্দ কৰিবলৈ সক্ষম হয়।এই অভিযানত  বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীক সংগ দিয়ে উপ বন সংপালক ৰাজেন্দ্ৰ শ‌ইকীয়াৰ লগতে কেইবাগৰাকীও বনকৰ্মীয়ে। অৱশ্যে আজিৰ অভিযানত  অবৈধ কাঠমিলৰ লগত জড়িত কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

Leave A Reply