Breaking

বকোৰ চাম্পুপাৰাত বন বিষয়া আব্দুৰ ৰৌফৰ অভিযান ।

0 2,034

একাংশ সমাজ বিৰোধী চক্ৰ তথা অসাধু বণিকে দিনে নিশাই চলাই আহিছে বনজ সম্পদৰ ধ্বংসযজ্ঞ। এই চাম দূষ্টচক্ৰৰ হাতোৰাত ক্ষতি হৈছে বনাঞ্চলৰ লগতে বনজ সম্পদ। এই ক্ষেত্ৰত চৰকাৰৰ বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ হৈছে নগুৰ নাকটি।শিংৰা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন অঞ্চলত বন বিভাগৰ সুৰক্ষা কৰ্মীয়ে সঘনাই জব্দ কৰিবলৈ সক্ষম হৈছে চোৰাং বনজ সম্পদ। উল্লেখ্য যে ; আজি দিনৰ ১১ টা বজাত অৰ্থাৎ ৬ অক্টোবৰ এক গোপন খৱৰৰ ভিত্তিত বকোস্থিত শিংৰা বনাঞ্চলিক বিষয়া আব্দুৰ ৰৌফৰ নেতৃত্বত কাৰ্য্যালয়ৰ বিষয়া কৰ্মচাৰীযৰ সৈতে অভিযান চলাই দক্ষিণ কামৰূপৰ চাম্পুপাৰাৰ জলজলী নদীত অবৈধ বালিখনন কৰি থকা অৱস্থাত ঘটনাস্থলিৰ পৰা এখন ইঞ্জিন চালিত নাও জব্দ কৰে আৰু বালিৰ খাচা সমূহ ধ্বংস কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে বন সুৰক্ষা কৰ্মী অহাৰ উমান পাই বালি খনন কৰা চৰাং ব্যৱসায়ি সকলে পলাই সাৰে। সম্প্ৰতি চোৰাং সামগ্ৰী তথা চোৰাং বালি সৰবৰাহ কৰা ইঞ্জিন চালিত নাওখন বকোস্থিত শিংৰা বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ত ৰখা হৈছে।  বন বিভাগৰ সফল অভিযানৰ বাবে সমাজ সচেতন ৰাইজে শলাগ লৈছে।

Leave A Reply