Breaking

ৰাজীৱ গান্ধীৰ নাম প্রত্যাহাৰ কৰি ‘ওৰাং ৰাষ্ট্ৰীয় উদ্যান’ কৰাৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান অৰণ্য সুৰক্ষা সমিতিৰ

0 1,576

‘ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান’ৰ নাম সলনি কৰি ‘ওৰাং ৰাষ্ট্ৰীয় উদ্যান’ কৰাৰ দাবীত ১৩আগষ্টত  অৰণ্য সুৰক্ষা সমিতিয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্বশর্মাক এক স্মাৰক পত্ৰ প্ৰদান কৰে। সমিতি খনৰ সচিব প্রধান ড.হচিৰণ দাসে  এই স্মাৰক পত্ৰ প্ৰদান কৰি কয় যে- ১৯৮৫ চনতে ওৰাং অভয়াৰণ্যৰ নামটো সলনি কৰি ৰাজীৱ গান্ধী অভয়াৰণ্য নামেৰে নামকৰণ কৰা হয় ।  ১৯৯৬ চনত জন্ম লাভ কৰা অৰণ্য সুৰক্ষা  সমিতিয়ে ওৰাং  অভয়াৰণ্য নামটো ঘূৰাই দিয়াৰ দাবীত আৰু অভয়াৰণ্য   খন ৰাষ্ট্ৰীয় উদ্যানৰূপে   উন্নীতকৰণ কৰা  এক আন্দোলন চলায়। এই আন্দোলনৰ অংশ ৰূপে  এক গণ স্বাক্ষৰ সংগ্ৰহৰ অভিযান চলোৱা  হয় । এই গণ স্বাক্ষৰ অভিযানত বিশিষ্ট সাংবাদিক, লেখক ক্রমে কীৰ্ত্তিনাথ হাজৰিকা, তিলক হাজৰিকা, হোমেন বৰগোহাঞি, নিৰূপমা বৰগোহাঞি, হাইদৰ হুছেইন, অজিত কুমাৰ ভুঞা, ৱাছবিৰ হুছেইন, প্রশান্ত ৰাজগুৰু, প্ৰণয় বৰদলৈ , প্ৰমুখ্যে বিশিষ্ট লোকে স্বাক্ষৰ দান কৰিছিল। এনে দাবীৰ প্রতি সম্মান জনাই উদ্যান খন ওৰাং  ৰাষ্ট্ৰীয় উদ্যান নামেৰে  নামাকৰণ কৰি   উন্নীতকৰণ কৰে। কিন্তু ২০০১ চনত তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰ খনে গান্ধী পৰিয়ালক তৈলমর্দন কৰিব গৈ  ‘ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান’ নামেৰে নামাকৰণ কৰে। যিটো নামে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী  ক্ষেতত ৰজিতা নাখায়। ওৰাং এক ঠাইৰ নামেই নহয় ই চাহ জনগোষ্ঠী  -আদিবাসী সমাজৰ এক জনগোষ্ঠীৰ এটা  উপাধিও হয়।ভাৰতৰ প্ৰাক্তন প্ৰধানৰূপে তেওঁৰ নাম ইতিহাসত এনেই জিলিকি ৰব । কিন্তু ওৰাং নামটোৰ ঐতিয্য এই ৰাষ্ট্ৰীয় উদ্যান খনৰ লগত কেৱল সাঙোৰ খায়েই থকা নাই  অঞ্চলটোৰ এক ইতিহাস ঐতিহ্যও কঢ়িয়াই আনিছে । অসমৰ জাতীয় ঐক্য আৰু ঐতিহ্য ৰক্ষাৰ স্বাৰ্থত উদ্যান খনৰ নাম পুনৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰিবলৈ স্মাৰক পত্ৰ যুগে অৰণ্য সুৰক্ষা সমিতিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী জনায় ।

Leave A Reply