Breaking

কাকপথাৰত অজাযুছাপৰ শাখা সমিতি গঠন

0 38

দৈনন্দিন বাৰ্তাৰ সেৱা, কাকপথাৰ, ৮ নৱেম্বৰঃ গৈপানী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাকপথাৰ আঞ্চলিক সমিতিৰ অন্তৰ্গত গৈপানী শাখা সমিতিৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়। জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাকপথাৰ আঞ্চলিক সমিতিৰ সভাপতি অৰূপ কলিতাই সভাপতিত্ব কৰা সাধাৰণ সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে উপদেষ্টা সুপ্ৰসাদ শৰ্মাই।

সভাখনত তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিত মৰাণ, উপ-সভাপতি সোনমনি চলিহা, সদস্য বিমল চেতিয়া, কাকপথাৰ আঞ্চলিক সমিতিৰ উপদেষ্টা দীপমনি সন্দিকৈ আৰু গৈপানী অঞ্চলৰ গাওঁ বুঢ়া ৰুবুল দহোটীয়া উপস্থিত আছিল।

সভাত উপস্থিত থকা নেতৃত্বই পৰিষদৰ মূল দাবী পূৰ্ণ-স্বায়ত্ব শাসন, দ্বি-নাগৰিকত্ব প্ৰদান, অসমত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা সন্দৰ্ভত বক্তব্য আগবঢ়ায়। উক্ত সভাতেই  মৃদুল দহোটীয়াক সভাপতি, অসীম গগৈক সাধাৰণ সম্পাদক, লাচিত পানিকাক বিত্ত সম্পাদক, সঞ্জীৱ মুন্দাক ক্ৰীড়া সম্পাদক হিচাপে লৈ গৈপানী শাখা সমিতিখন গঠন কৰে।  

Leave A Reply