Breaking

ওৰাং কলাগুৰু বিষ্ণু ৰাভা মহাবিদ্যালয়ত আটছাৰ প্ৰাথমিক সমিতি গঠন

0 2,247

২৭ নবেম্বৰত  শনিবাৰে ওৰাং কলাগুৰু বিষ্ণুৰাভা মহাবিদ্যালয়ত আটছা ৰ প্ৰাথমিক সমিতি গঠন কৰা হয় । প্ৰায়ে দুই শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভা খনত প্ৰাথমিক সমিতি গঠন কৰাৰ পিছতেই সাংগঠনিক দিশত আলোকপাত কৰাৰ লগতে বিস্তৃত ভাবে আলোচনা পৰ্য্যালোচনা কৰা হয় ৷।উক্ত সভাৰ সভাপতিত্ব কৰে আটছাৰ ওদালগুৰি জিলা সমিতিৰ  উপসভাপতি মণিৰাম মাহাতোৱে ৷  সভাৰ উদ্দেশ্য বাখ্যা কৰে  আটছা মাজবাট শাখাৰ সম্পাদক দেৱহৰি মাহাতোৱে । ওৰাং কলাগুৰু বিষ্ণুৰাভা মহাবিদ্যালয়ৰ আটছা ৰ প্ৰাথমিক সমিতিত সভাপতি হিচাপে লোহিত মাহাতো আৰু সম্পাদিকা হিচাপে ৰীতা মাহাতোক নিৰ্বাচিত কৰি মুঠ ২১ জনীয়া শক্তিশালী কাৰ্য্যকৰী সমিতি গঠন কৰা হয় ।

Leave A Reply