Breaking

যোৰহাট মহকুমা চাউদাং জাতীয় পৰিষদ গঠন

0 2,147

জাতিৰ অস্তিত্ব ৰক্ষাৰে অসম আৰু অসমীয়াৰ মৰ্যাদাত অৱদান যোগাবলৈ আগবাঢ়ি আহিছে চাউদাঙৰ একাংশ নৱ প্ৰজন্ম। এই উদ্দেশ্যে দক্ষিণ যোৰহাটৰ কুঁৱৰী পুখুৰী আক্কেল একাডেমীত বৃহৎ ৰাজহুৱা সভা যোৱা ৩১ অক্টোবৰত অনুষ্ঠিত হৈ যায়। চাউদাং জাতীয় পৰিষদ, অসমৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ঘনকান্ত গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ছায়াপ্ৰকাশ শেনচোৱাই অৱগত কৰে। কেন্দ্ৰীয় সমিতিৰ অনুমোদনভিত্তিত পৰিস্থিতি সচেতক মলেন কুমাৰ গগৈ আৰু লাটু গগৈৰ বিশেষ প্ৰচেষ্টাত ছায়াপ্ৰকাশ শেনচোৱাক সভাপতি, জ্যোতিৰ্ময় বৰাক কাৰ্যকৰী সভাপতি, জিতেন গগৈক সাধাৰণ সম্পাদক, শেৱালী শইকীয়া বৰা, নৱজ্যোতি গগৈক সহকাৰী সম্পাদক, ৰূপক গগৈক সাংগঠনিক সম্পাদকৰ দায়িত্ব অৰ্পণেৰে যোৰহাট মহকুমা চাউদাং জাতীয় পৰিষদ গঠন হয়। নৰেন গগৈ, দেৱজিৎ গগৈসহ ভিন্ন প্ৰান্তৰ প্ৰতিনিধিক লৈ ২৭জনীয়া সমিতি গঠন কৰিছে। সভাত চাউদাং জাতীয় পৰিষদ, অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিমল চন্দ্ৰ শইকীয়া, কাৰ্যকৰী সভাপতি অমিয় কুমাৰ বৰুৱা, সাধাৰণ সম্পাদক সুৰজিৎ গগৈ, তত্বাৱধানত দিলীপ দৰৱধৰা, জিতুল গগৈ, যোৰহাট জিলা সভাপতি ৰণজিৎ শইকীয়া, তিতাবৰ মহকুমা সমিতিৰ কাৰ্যকৰী সভাপতি শৰৎ গগৈ, সম্পাদক গুণেন গগৈকে ধৰি বহু বিষয়ববীয়া উপস্থিত থাকে। মহকুমা সমিতিখনৰ পৰা ৰাইজে নৱ উত্থান আশা কৰিছে।

Leave A Reply