Breaking

মাজুলীত সংস্কৃতিৰ বিকাশ মঞ্চ গঠন

0 1,542

উজনি-মাজুলী : অসমৰ সাংস্কৃতিক ৰাজধানী, মহাপুৰুষ গুৰুদুজনাৰ মহা মিলন ক্ষেত্ৰ, সত্ৰীয়া সংস্কৃতিকৰ পীঠভূমি আৰু নানা জাতি-জনগোষ্ঠীৰ  মিলনভূমি মাজুলীত বুধবাৰে কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰ প্ৰমুখ্যে বিশিষ্ট সাংস্কৃতিক কৰ্মীসকলৰ উপস্থিতিত ‘সাংস্কৃতিক বিকাশ মঞ্চ’ নামৰ এটি অনুষ্ঠান গঠন কৰা হয়। এই মঞ্চখনৰ মূল লক্ষ্য হৈছে মাজুলীৰ লগতে সমগ্ৰ অসমতে অসমীয়া সংস্কৃতিৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ হকে কাম কৰা। সাংস্কৃতিক-সৃষ্টিশীলতাৰ ক্ষেত্ৰত নতুনচাম শিকাৰুক উৎসাহ প্ৰদান কৰা আৰু আগবঢ়াই নিয়াৰ ব্যৱস্থা গ্ৰহণো ইয়াৰ অন্যতম উদ্দেশ্য। গুৰুদুজনাৰ সৃষ্ট গায়ন-বায়নৰ লগতে গীত-মাত, নৃত্যসমূহ আজিৰ প্ৰজন্মক দেখুৱাই দিয়া, সত্ৰীয়া সংস্কৃতিৰ বিশাল-বৰ্ণাঢ্য সাংস্কৃতিক সুষমা বিলাই দিয়াও ইয়াৰ অন্যতম প্ৰধান উদ্দেশ্য। মাজুলী কমলাবাৰীৰ শ্ৰী শ্ৰী আধাৰ সত্ৰৰ নামঘৰত অনুষ্ঠিত হোৱা এই সভাখনিত  সত্ৰৰ খনৰ সত্ৰাধিকাৰ মহেশ গোস্বামীয়ে সভাপতিত্ব কৰে। কৰ’ণা মহামাৰীৰ সংক্ৰমণ প্ৰতি লক্ষ্য ৰাখি নিৰ্দিষ্ট সামাজিক ব্যৱধান ৰক্ষা কৰি আয়োজন কৰা এই সভাখনত শ্ৰীশ্ৰী দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী, শ্ৰীশ্ৰী চামগুৰি সত্ৰৰ ডেকা সত্ৰীয়া, অসম সত্ৰ মহাসভা মাজুলী জিলাৰ প্ৰাক্তন সম্পাদক সৰ্বানন্দ গোস্বামী, শ্ৰীমন্ত শংকৰদেৱ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট সাংস্কৃতিক কৰ্মী প্ৰফুল্ল বৰুৱা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন মূলৰ সদস্য, সাংস্কৃতিক কৰ্মী  বিশ্বনাথ মেধি, শ্ৰীশ্ৰী এলেঙ্গী টকৌবাৰী সত্ৰৰ ডেকা সত্ৰীয়া, শিক্ষক পদুম মহন্ত, কবি-সাহিত্যিক, মাজুলী জিলা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক জয়ন্ত হাজৰিকা, শ্ৰীশ্ৰী অনন্ত কালশীলা সত্ৰৰ সত্ৰীয়া, সাংস্কৃতিক কৰ্মী যাদৱ কৃষ্ণ মহন্ত, মাজুলীৰ  বিশিষ্ট শিল্পী মালভোগ শইকীয়া, বিশিষ্ট সাংস্কৃতিক কৰ্মী নৃপেন কলিতা, সাংস্কৃতিক কৰ্মী লোকনাথ ওজা, শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ সৰ্বানন্দ দুৱৰীয়া, শ্ৰীশ্ৰী আধাৰ সত্ৰৰ সত্ৰীয়া কুমুদ গোস্বামী প্ৰমুখ্যে বিশিষ্ট সংস্কৃতিবান লোক সকল উপস্থিতি থাকে। সভাখনৰ সৰ্বসন্মত সিদ্ধান্ত মৰ্মে ‘সাংস্কৃতিক বিকাশ মঞ্চ’ অনুষ্ঠানটিৰ বিষয়-বাচনি কৰা হয়। সেইমৰ্মে,  মহেশ গোস্বামীক উপদেষ্টা হিচাপে লৈ  জনাৰ্দন দেৱ গোস্বামী সভাপতি, উপ সভাপতি হিচাপে ক্ৰমে- প্ৰফুল্ল বৰুৱা, সৰ্বানন্দ গোস্বামী আৰু পদুম মহন্ত, সম্পাদক হিচাপে জয়ন্ত হাজৰিকা, সহকাৰী সম্পাদক হিচাপে-নৃপেন কলিতা, বিশ্বনাথ মেধি, সৰ্বানন্দ দুৱৰীয়া আৰু কাৰ্য্যকৰী সদস্য হিচাপে মালভোগ শইকীয়া, কুমুদ গোস্বামী, লোকনাথ ওজা আৰু ভাস্কৰ শইকীয়াক মনোনীত কৰা হয়। অৱশ্য, এই সমিতিৰ কাৰ্যনিৰ্বাহক সভাত সমিতিখন বৰ্ধিত কৰাৰ সুবিধা ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সভাখনৰ সভাপতি গোস্বামীয়ে আঁশা প্ৰকাশ কৰি কয় যে মাজুলীৰ লগতে সমগ্ৰ অসমতে এই মঞ্চখনৰ জড়িয়তে এক সামাজিক-সাংস্কৃতিক সমন্বয় সাধনৰ বাবে সমিতিখনে দৃষ্টি নিক্ষেপ কৰিব।  সভাত জনাৰ্দন দেৱ গোস্বামীয়ে কয় যে সংস্কৃতিৰ সমন্বয়ৰ বাবে জ্যেষ্ঠসকলৰ উদাৰ সহযোগিতা একান্তই বাঞ্ছনীয়। নৱ নিৰ্বাচিত সম্পাদক জয়ন্ত হাজৰিকাই কয় যে সাংস্কৃতিক মনৰ জ্যেষ্ঠসকল পৰামৰ্শ, নমস্য গুৰুসকলৰ আশীৰ্বাদ আৰু প্ৰেৰণাৰ লগতে সমূহ দল-সংগঠন, বিভিন্ন জাতি-জনগোষ্ঠীৰ অনুষ্ঠান-প্ৰতিষ্ঠান আৰু অৰুণোদয় যুৱ শক্তিৰ সমন্বিত প্ৰচেষ্টাত অসমীয়াৰ অভিজাত সাংস্কৃতিক পৰিচয় প্ৰোজ্বল কৰিব পৰা যাব। নতুন সমিতিখনৰ সমূহ বিষয়-ববীয়াই মাজুলীবাসীৰ লগতে অসমবাসীৰ পূৰ্ণ সহযোগিতা, পৰামৰ্শ আৰু আশীৰ্বাদ বিচাৰি সকলোকে ইয়াত অংশগ্ৰহণ কামনা কৰিছে।  শ্ৰীশ্ৰী আধাৰ সত্ৰৰ নামঘৰত সকলোৱে পবিত্ৰতাৰে এটি সেৱা আগবঢ়াই সভাখনিৰ সফল সামৰণি ঘটোৱা হয়।

Leave A Reply