Breaking

নলবাৰী জিলা বাদ্যযন্ত্ৰী সংস্থা গঠন

0 1,232

নলবাৰী, ২০ ডিচেম্বৰ : আজি বিয়লি নলবাৰী দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এখন সভাত নলবাৰী জিলা বাদ্যযন্ত্ৰী সংস্থা খন গঠন কৰা হয় । প্ৰবীণ বাদ্যশিল্পী অলকেশ বৰুৱাৰ সভাপতিত্বত আৰু প্ৰবীণ তবলা বাদক ভগবান কলিতাৰ উপস্থিতিত অনুষ্ঠিত সভাখনত জিলাখনৰ ভিন্ন প্ৰান্তৰ অৰ্ধশতাধিক বাদ্যযন্ত্ৰীয়ে অংশগ্ৰহণ কৰে । আজিৰ সভাত সৰ্বসন্মতি মৰ্মে সংস্থাটোক -“সংকল্প সংস্থা”নামেৰে নামাকৰণ কৰা হয় । এই সংস্থাই  বাদ্যযন্ত্ৰী সকলৰ বহুদিনীয়া অভাৱ পূৰণ কৰিব বুলি নৱ নিৰ্বাচিত সভাপতি হিমাংশু ডেকা আৰু সম্পাদক কিশোৰ মেনাই সভাত উপস্থিত শিল্পী সকলক জনাই ।

Leave A Reply