Breaking

ওদালগুৰি জিলা ছাত্র সন্থাৰ অন্তৰ্গত পানেৰী আঞ্চলিক সমিতি গঠন

0 1,379

টংলা : মঙ্গলবাৰে ওদালগুৰি জিলাৰ পানেৰী জৱাহৰ মজলীয়া বিদ্যালয়ত টংলা আঞ্চলিক ছাত্র সন্থাৰ এখন গুৰুত্বপূৰ্ণ সাধাৰণ সভা অনুষ্ঠিত হৈ যায় । পুৱা ৯ বজাত পতাকা উত্তোলনেৰে আৰম্ভণি হোৱা এদিনীয়া কাৰ্য্যসূচীত বন্তি প্ৰজ্বলন, শ্বহীদ তৰ্পন, বৃক্ষ ৰোপণ, প্ৰতিনিধি আৰু বিষয় বাচনি সভা, মুকলি সভাসভাৰ লগতে সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলনেৰে সামৰণি পৰা সাধাৰণ সভাৰ বিষয় বাচনি আৰু প্ৰতিনিধি সভাত সদৌ অসম ছাত্র সন্থাৰ সহ সম্পাদক জয়ন্ত কুমাৰ ভট্টাচার্যৰ লগতে ওদালগুৰি জিলা ছাত্র সন্থাৰ বিষয়ববীয়া আৰু টংলা আঞ্চলিক ছাত্র সন্থাৰ বিষয়ববীয়া সদস্যসকলৰ উপস্থিতিত গঠন হয় নতুন সমিতি। সদৌ অসম ছাত্র সন্থাৰ সহকাৰী সম্পাদক জয়ন্ত কুমাৰ ভট্টাচার্য, টংলা আঞ্চলিক ছাত্র সন্থাৰ সভাপতি প্ৰাঞ্জল ডেকা আৰু টংলা আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক ৰিংকু ডেকাক উপদেষ্টা, কৌশিক বৈশ্যক সভাপতি, অবিস্মিতা বৰ্মন, চম্পক কলিতা আৰু নিকু আহমেদ চৌধুৰীক উপঃসভাপতি, নাৰায়ণ দাসক সাধাৰণ সম্পাদক, দিবাকৰ বৰুৱা, পংকজ ভৰালী, যুৱৰাজ হাজৰিকা আৰু নয়ন জোতি নাথক সহকাৰী সাধাৰণ সম্পাদক, চয়নিকা চক্ৰবৰ্তীক শিক্ষা সম্পাদিকা, নয়ন জোতি বৰুৱাক প্ৰচাৰ সম্পাদক, মাহমুদুল হাছানক বিত্ত সম্পাদক, ত্ৰীনয়ন ডেকাক সাংস্কৃতিক সম্পাদক, বিষ্ণু কাশ্যপক তথ্য সম্পাদক, কিশোৰ কলিতাক সাহিত্য সম্পাদক, শুভম ঘোষক ক্ৰীড়া সম্পাদক, মানস জোতি ডেকাক কাৰ্য্যালয় সম্পাদক, শিমিয়ন তাতীক মুখ্য সাংগঠনিক সম্পাদক, পম্পি শৰ্মা, গীতাঞ্জলী মেধি, শ্বৰ্নলতা ডেকা,অৰ্জুন বাসি, অভিজিৎ কলিতা আৰু দিগন্ত ডেকাক সাংগঠনিক সম্পাদক, মঃ আজামুল আলি, জগদিশ সুত্ৰধৰ, মানস বৰ্মন, মনালিছা ৰাজবংশী, আলিফা পাৰবিন, মনিকা দৈমাৰী, হিমাংশু কলিতা আৰু হিৰক জোতি নাথক কাৰ্য্যনিৰ্বাহক সদস্য হিচাপে লৈ পূৰ্ণাঙ্গ সমিতি গঠন কৰে। সাধাৰণ সভাৰ মুকলি সভাত সভাপতিত্ব কৰে টংলা আঞ্চলিক ছাত্র সন্থাৰ সভাপতি প্ৰাঞ্জল ডেকাই, সভা উন্মোচন কৰে সদৌ অসম ছাত্র সন্থাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক বিতোপন দাসে, মুকলি সভাৰ নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্র সন্থাৰ সহকাৰী সম্পাদক জয়ন্ত কুমাৰ ভট্টাচার্য আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ওদালগুৰি জিলা ছাত্র সন্থাৰ সভাপতি প্ৰাঞ্জল পাটোৱাৰী, ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি হৰেশ্বৰ কলিতা আৰু অৱসৰী শিক্ষক তাৰানাথ কলিতা।

Leave A Reply