Breaking

ওৰাঙত লেখিকা সমিতি গঠন

0 2,253

২১নবেম্বৰত ওদালগুৰি জিলাৰ অন্তৰ্গত ওৰাং প্ৰাথমিক বিদ্যালয়ত ওৰাং বিষ্ণুজ্যোতি মহিলা ও শিশু বিকাশ সমিতিৰ উদ্যোগত এখনি লেখিকা শাখা সমিতি গঠন কৰা হয় । উক্ত সভাখনত খনৰ সভাপতিত্ব কৰে সমিতিৰ  সভানেত্ৰী দীপালী  শৰ্মাই ।সভাৰ উদ্দেশ্য বাখ্যা কৰে বিজয়া বৰঠাকুৰ বৰাই । ওৰাং প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা উক্ত সভাত লোৱা প্ৰস্তাৱ মৰ্মেবিজয়া বৰঠাকুৰ বৰাক সভানেত্ৰী , ময়ুৰাক্ষী বৰদলৈক সম্পাদিকা ,ৰেণু মাহাতোক উপ সভানেত্ৰী , মালা  নাথ   সহ সম্পাদিকা , সাংস্কৃতিক সম্পাদিকা বন্দনা শইকীয়া , সহঃ সম্পাদিকা প্ৰনতি দেৱী ,প্ৰচাৰ সম্পাদিকা বনলতা শৰ্মা ,সহঃ সম্পাদিকা লিপিকা মাহাতো আৰু হিচাপ পৰীক্ষক -দীপালি শৰ্মা , ধন ভড়ালী -গীতাঞ্জলি বৰুৱা আৰু সদস্য  ক্ৰমে -মালতী দেৱী ,লক্ষ্মী ছেত্ৰী , বৰ্ণালী চহৰীয়া , অনুপমা দেৱী ,মিতালী শৰ্মা ,মিতালী ইছলাৰী আদিত দায়িত্ব অৰ্পণ কৰা হয়লগতে  আমন্ত্ৰিত অতিথি  হিচাপে অংশগ্ৰহণ ৰুনিমা শৰ্মা ডেকাই  লেখিকা সমাৰোহত গঠনমুলক আৰু সৃষ্টিশীল দিহা পৰামৰ্শ  আদি দিয়ে ৷আৰু কেইবাগৰাকীও সদস্যা -অনিমা চহৰীয়া,হিৰামনি ভদ্ৰ,মনিমালা বৰুৱা,কল্যাণী ডেকা, আৰু উপদেষ্টা হিচাপে সভাই  অভয়া শৰ্মা,মাননী শৰ্মা,বিনা ছেত্ৰী,আদিক বাচনি কৰে ৷

Leave A Reply