Breaking

আস্থা ভোটত পৰাজয় : পুনৰ আইনী যুঁজৰ হুংকাৰ হাগ্ৰামা মহিলাৰীৰ

0 2,041

প্ৰমোদ বড়ো নেতৃত্বাধীন পৰিষদৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল BPF দল । ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতেই আজি আস্থা ভোটৰ সন্মুখীন হৈছিল প্ৰমোদ বড়ো । সকলো উৎকন্ঠাৰ অন্তত আস্থা ভোটত  ২২ পাৰিষদৰ ভোটেৰে BTCৰ চীফ হিচাপে নিৰ্বাচিত হৈছিল প্ৰমোদ বড়ো ।

আস্থা ভোটত পৰাজয় হোৱাৰ পাছতেই পুনৰ আইনী যুঁজৰ হুংকাৰ হাগ্ৰামা মহিলাৰীৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে ভোটগ্ৰহণ কাৰ্যসূচী সম্পন্ন নোহোৱাৰ অভিযোগ হাগ্ৰামাৰ। অধ্যক্ষৰ ভূমিকাক লৈও সৰৱ হাগ্ৰামা মহিলাৰী। বেলট প্ৰক্ৰিয়াৰ মাজেৰে ভোটগ্ৰহণ নোহোৱাত অধ্যক্ষক সমালোচনা বিপিএফ প্ৰধান মহিলাৰীৰ।

আস্থাভোটত প্ৰমোদ বড়োৰ জয়লাভৰ পাছতো হাৰ মানিব খোজা নাই হাগ্ৰামা মহিলাৰীয়ে। ভোটগ্ৰহণৰ সময়ত হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে সৃষ্টি কৰিছিল এক হুলস্থুলীয়া পৰিস্থিতিৰ।

সদনত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে ১০ মিনিটৰ বাবে স্থগিত ৰখা হৈছিল সদন। UPPL-BJP-GSP দলৰ মুঠ ২২জন পাৰিষদৰ ভোট লাভ কৰি পুনৰ বিটিচি চীফ হিচাপে নিৰ্বাচিত হৈছিল প্ৰমোদ বড়ো। কিন্তু বিপিএফে যেন এতিয়াও বিটিচি চীফ হিচাপে গ্ৰহণ কৰিব পৰা নাই প্ৰমোদ বড়োক।

Leave A Reply