Breaking

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ Z+ নিৰাপত্তা

0 2,083

এতিয়াৰে পৰা ‘Z+’ পৰ্যায়ৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত থাকিব উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা বৰ্তমান ৰাজ্যসভাৰ সাংসদগৰাকীক ‘Z+’ পৰ্যায়ৰ নিৰাপত্তা প্ৰদান কৰাৰ কথা সদৰি কৰিছে।

৬৬ বছৰীয়া গগৈ এতিয়াৰে পৰা দেশৰ যি স্থানলৈকে যাব সকলো স্থানতে অস্ত্ৰধাৰী চিআৰপিএফ কমাণ্ডুৱে প্ৰতি মুহূৰ্ততে বেৰি ৰাখিব। ইয়াৰ পূৰ্বে গগৈক দিল্লী আৰক্ষীৰ নিৰাপত্তা বাহিনী প্ৰদান কৰা হৈছিল। উল্লেখ্য যে, ২০১৯ চনৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদৰ পৰা তেখেতে অৱসৰ গ্ৰহণ কৰিছিল।

উল্লেখ্য যে, চিআৰপিএফৰ এই পৰ্যায়ৰ নিৰাপত্তা লাভ কৰিবলৈ সক্ষম হোৱা লোকসকলৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন ভিতৰত ৰঞ্জন গগৈ ৬৩ নম্বৰত আছে। ইয়াৰ পূৰ্বে ৬২ গৰাকী লোকে এই পৰ্যায়ৰ নিৰাপত্তা লাভ কৰিবলৈ সক্ষম হৈছিল। ৮-১২ জনীয়া অস্ত্ৰধাৰী কমাণ্ডুৰ দলে প্ৰতি সময়তে তেখেতক নিৰাপত্তা প্ৰদান কৰিব। একে সময়তে তেখেতৰ বাসগৃহতো থাকিব একে পৰ্যায়ৰে নিৰাপত্তা।

Leave A Reply