Breaking

জামুগুৰিহাটত প্ৰাক্তণ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম : শ্ৰদ্ধাঞ্জলি জনালে দল-সংগঠনৰ প্ৰতিনিধিয়ে

0 1,240

জামুগুৰিহাট, ১৯ ডিচেম্বৰ : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতা-ভস্ম লৈ যোৱা ৯ ডিচেম্বৰৰ পৰা সমগ্ৰ অসমত উলিওৱা “শান্তি সদ্ভাৱনা যাত্ৰা” আজি  পুৱা জামুগুৰিহাটত উপস্থিত হয়৷সেই উপলক্ষে জামুগুৰিহাটৰ ৰাজ্যিক পৰিবহণ বাছ আস্থানৰ কাষতেই এখনি স্মৃতিচাৰণ সভা আৰু খোল,তাল,নাগাৰা, নাম,কীৰ্তনসহ এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো অনুষ্ঠিত হয়।প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ নেতৃত্বত আৰু পৰিয়ালৰ আন সদস্যসকলৰ সহযোগত পৰিচালিত হোৱা এই শান্তি  সদ্ভাৱনা যাত্ৰা জামুগুৰিহাটত উপস্থিত হোৱাৰ পাছতে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ লগতে কংগ্ৰেছ দলৰ সদস্যসকলে প্ৰয়াত মুখ্যমন্ত্ৰী তথা জননেতা গৰাকীৰ প্ৰতি একাঁজলি শ্ৰদ্ধা নিবেদন কৰে।অনুষ্ঠানত প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ পুত্ৰ গৌৰৱ গগৈয়ে অংশ গ্ৰহণ কৰি পিতৃক স্মৰণ কৰি কয় ‘দেউতাই কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দলত থাকিলেও নিজৰ প্ৰাণটো সদায় জাতীয়তাবাদী চিন্তাৰে পৰিপুষ্ট কৰি ৰাখিছিল।সেয়েহে তেওঁ অসম আৰু অসমীয়াৰ হকে সদায় অন্ত:কৰণৰে কাম কৰি গৈছিল আৰু অসমৰ ৰাইজেও অভিলেখ সংখ্যক তিনিবাৰকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ দিছিল।দেউতাৰ মৃত্যুৰ পিছত অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ ৰাজ্যৰ জনগণে দেখুওৱা মৰমত তেওঁ অভিভূত হৈ পৰা বুলি উল্লেখ কৰি সাংসদ পুত্ৰ গৌৰৱ গগৈয়ে অসমৰ ৰাইজে তৰুণ গগৈক সদায় বিপদৰ বন্ধু হিচাপে মনত ৰাখিব বুলিও উল্লেখ কৰে।উত্তৰ অসমৰ সমন্বয়কৰ দায়িত্বত থকা যুৱনেতা দাদুল বৰকাকতীয়ে আঁত ধৰা প্ৰায় এক ঘন্টাৰো অধিক সময় ধৰি  জামুগুৰিহাটত অনুষ্ঠিত হোৱা  প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত এপিচিচিৰ কেবাগৰাকীও বিষয়ববীয়া,সমষ্টিটোৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰী,নদুৱাৰ ব্লক কংগ্ৰেছৰ সভানেত্ৰী গীতালি ভট্টৰায়কে ধৰি কংগ্ৰেছ দলৰ বিষয়ববীয়া সকলো উপস্থিত আছিল।

Leave A Reply