Breaking

মাজুলীত প্ৰাক্তন মন্ত্ৰী সহ অসম গণ পৰিষদৰ ফুলনি আঞ্চলিক সমিতিৰ সমূহীয়া পদত্যাগ

0 1,337

উজনি-মাজুলী, ২৭ ডিচেম্বৰঃ আজি ফুলনি আঞ্চলিক সমিতিৰ স্থায়ী সভাপতি দীপক বেজৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অসম গণ পৰিষদৰ এখন সভাত অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী পদ্মেশ্বৰ দলে সহ সমূহ বিষয়ববীয়া তথা সদস্যই আঞ্চলিক সমিতিৰ পৰা পদত্যাগ কৰে।  কেন্দ্ৰীয় নেতৃত্বৰ চৰম নীতিহীনতাৰ প্ৰতি অতিষ্ঠ হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰতীয় জনতা পাৰ্টীৰ দৰে এটা ৰাষ্ট্ৰীয় দলৰ লগত মিত্ৰতা কৰি এসময়ৰ সৰল আঞ্চলিক দলটোক নিশেষ কৰাৰ যি ষড়যন্ত্ৰ ৰচনা কৰিছে ইতিমধ্যেই তাৰ উমান পোৱা গৈছে। কা’ৰ দৰে এখন অসম ধ্বংশী আইন বলৱত কৰাৰ ক্ষেত্ৰত দুমুখীয়া চৰিত্ৰৰ প্ৰতি ঘৃণা ভাৱ প্ৰকাশ কৰি দল ত্যাগৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হয়। পদত্যাগী সদস্য সকল হ’ল- পদ্মেশ্বৰ দলে প্ৰাক্তন মন্ত্ৰী অসম চৰকাৰ, দীপক বেজ, সৰ্বানন্দ মিলি, পংকজ কুমাৰ নাথ, প্ৰফুল্ল নৰহ, মৃদুল শইকীয়া, চেনিৰাম শইকীয়া , বিশ্ব শইকীয়া, ৰনজিৎ নাথ, দিপন্ত নেৱাৰ, বাবুল বৰা, অজিত শইকীয়া, হৰিধন ডেকা, অচিন্ত মিলি, ধনিৰাম শইকীয়া আৰু প্ৰফুল্ল শইকীয়া বুলি এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিছে ।

Leave A Reply