Breaking

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ শোভাযাত্ৰাৰ গাড়ীত উঠিবলৈ গৈ চকাত পিষ্ট হৈ নিহত হৈছে এগৰাকী মহিলা সাংবাদিকৰ…

0 58

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ শোভাযাত্ৰাৰ গাড়ীত উঠিবলৈ গৈ চকাত পিষ্ট হৈ নিহত হৈছে এগৰাকী মহিলা সাংবাদিকক। তেওঁৰ নাম সাদাফ নাইম। ঘটনাটো দেওবাৰে পাকিস্তানৰ লাহোৰত সংঘটিত হয়।

জানিব পৰা গৈছে যে মহিলা সাংবাদিকগৰাকীয়ে ইমৰান খানৰ ৰাজহুৱা সভাত উপস্থিত আছিল। তেওঁক ইমৰান খানৰ সাক্ষাৎকাৰ ল’বলৈ চেষ্টা কৰা দেখা গৈছিল।

পিছত একেটা শোভাযাত্ৰাৰ এখন মালবাহী গাড়ীত উঠাৰ সময়ত তেওঁ পিছলি পৰে আৰু চকাৰ তলত সোমাই যায়।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেওঁ চকাৰ দ্বাৰা পিষ্ট হৈ মৃত্যুমুখত পৰিছে। সাংবাদিকগৰাকীৰ মৃত্যুৰ খবৰ পোহৰলৈ অহাৰ লগে লগে ইমৰান খানে সেই দিনটোৰ বাবে তেওঁৰ লং মাৰ্চ স্থগিত ৰাখে।

শোভাযাত্ৰাটো লাহোৰৰ জিটি ৰোডত আয়োজন কৰা হৈছিল। ইমৰানে কয় যে শোভাযাত্ৰাটো কামোকলৈ যোৱাৰ কথা আছিল। কিন্তু এই দুৰ্ঘটনাৰ বাবে এই কাৰ্যসূচীটো সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে।

Leave A Reply